নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যালয়ৰ পৰা কৰ্তন কৰা হ’ব মুক্তাব শব্দঃ শিক্ষামন্ত্ৰী

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ অসমৰ ৬৩ খন বিদ্যালয়ৰ নামৰ সৈতে থকা মুক্তাব শব্দ আঁতৰোৱা হ’ব বুলি শনিবাৰে উল্লেখ কৰে বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি বহুকেইটা বিষয়ৰ লগতে বিদ্যালয়ৰ নামত লাগি থকা মুক্তাব শব্দৰ বিষয়েও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান সময়ত কোনো মুক্তাবী শিক্ষা ব্যৱস্থা নাই । এই বিশেষ শব্দটোৰ বাবেই সেই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ভোগ কৰি আহিবলগীয়া হৈছে বিভিন্ন সমস্যাত, কিয়নো তাত কোনো ধৰ্মীয় শিক্ষা দিয়া নহয় । গতিকে অসম চৰকাৰে অচিৰেই এইসমূহ বিদ্যালয়ৰ পৰা কৰ্তন কৰিব মুক্তাব শব্দ ।

You might also like