নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ঢকুৱাখনাৰ ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহ

নিয়মীয়া বাৰ্তা, ৯নৱেম্বৰ- বৌদ্ধিক তথা বিদ্যায়তনিক উৎকর্ষ সাধনৰ মহান মন্ত্রেৰে প্ৰতিষ্ঠা হোৱা ঢকুৱাখনা মহকুমাৰ জীয়ামৰীয়াস্থিত ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ে গৌৰৱোজ্জ্বল ১৫০ বছৰত পদাৰ্পণ কৰিছে।স্বৰাজ লাভৰ পূৰ্বেই অবিভক্ত লখিমপুৰ জিলাৰে শৈক্ষিক উত্তৰণ আৰু মাৰ্গদর্শন প্রতিষ্ঠানস্বৰূপে ১৮৭২ চনতে স্থাপন হোৱা ৩১নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ গৰিমাময় ইতিহাস স্মৰণৰ উদ্দেশ্যে কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কার্যসূচীৰে অনুষ্ঠিত হ’ব ডেৰশ বছৰীয়া জয়ন্তী।যাৰ বাবে এতিয়া বিদ্যালয়খনৰ চৌহদত সৃষ্টি হৈছে এক উখল মাখল তথা উৎসৱ মুখৰ পৰিবেশৰ।ইতিমধ্যে স্থানীয় বিধায়ক নৱ কুমাৰ দলেক সভাপতি,কুলনাথ বৰুৱাক কাৰ্যকৰী সভাপতি আৰু সেৱীকা শইকীয়াক সম্পাদিকা হিচাপে লৈ গঠন হোৱা উদযাপন সমিতিয়ে বিদ্যালয়ৰ পৰিয়াল,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষী ৰাইজ আৰু শিক্ষাব্রতী সমাজৰ সহযোগিতাত ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে।কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা ডেৰশ বছৰীয়া জয়ন্তীৰ মূল পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক নৱ কুমাৰ দলেই৷জয়ন্তীৰ বাকী ১৪৯ খন পতাকা উত্তোলন কৰিব বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী , ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট ব্যক্তিসকলে।ডেৰশ বছৰীয়া জয়ন্তীৰ মূল তোৰণ উন্মোচন কৰিব ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই।শ্ৰদ্ধাঞ্জলি , স্মৃতি তৰ্পণ কৰিব বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী দুৰ্গাৱতী দত্তই।মঞ্চ আৰু প্ৰেক্ষাগৃহ উন্মোচন কৰিব ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈয়ে।দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হ’ব “বৰ্তমান শিক্ষা ব্যৱস্থাত প্ৰাথমিক বিদ্যালয়ৰ প্ৰাসংগিকতা” শীৰ্ষক আলোচনা চক্ৰ।

ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক সেৱক চন্দ্ৰ চুতীয়াৰ সঞ্চালনা কৰিবলগীয়া আলোচনা চক্ৰত ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড° কেশৱ হাজৰিকা, লেখিকা পুষ্পা গগৈ আৰু ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চুতীয়াই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব।বিয়লিলৈ মাতৃ গোটৰ সমাৰোহ।ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয়ৰ
অৱসৰপ্ৰাপ্ত প্ৰৱক্তা অনিতা দত্ত বৰুৱাই সঞ্চালনা কৰিবলগীয়া এই সমাৰোহত ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নৱনীতা গগৈয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰিব।সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতেই স্থানীয় শিল্পী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰদ্বাৰা বিচিত্ৰা অনুষ্ঠান পৰিৱেশন কৰা হ’ব ৷

দ্বিতীয় দিনা অৰ্থাৎ ১১ নৱেম্বৰৰ পুৱা ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অমৰী সিংহৰ সঞ্চালনাত অনুষ্ঠিত হ’ব বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সাংস্কৃতিক অনুষ্ঠান।পুৱা ১০বজাত ডেৰশ বছৰীয়া জয়ন্তীৰ স্মৃতিগ্ৰন্থ “উন্মিলন” উন্মোচন কৰিব ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা লেখক ডিম্বেশ্বৰ গগৈয়ে।দুপৰীয়া ১২বজাৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ।বিয়লিলৈ “চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি চৰকাৰ আৰু সমাজৰ দায়িত্ব আৰু কৰ্তব্য” শীৰ্ষক অন্তিমখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ঠানুৰাম মজিন্দাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰত ঢকুৱাখনা নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰ, শিক্ষাবিদ হেম বৰুৱা আৰু হাৰ্হি মহাবিদ্যালয়ৰ সহকাৰী অধ্যপিকা প্ৰতিমা চেতিয়াই আলোচক হিচাপে অংশগ্ৰহণ কৰিব।১২ নৱেম্বৰত পুৱা ৯বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব শোণিতপুৰ জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসে।ইয়াৰ পিছতেই দুপৰীয়া ১২বজাত অনুষ্ঠিত হ’ব মূল সভা।

মুকলি সভা উদ্বোধন কৰিব হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগে।মুকলি সভাত বিশিষ্ট কবি,চিকিৎসক ডাঃ নিৰ্মল চাহেৱালা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক ড° পংকজ বৰঠাকুৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া মুকলি সভাখনত বিশিষ্ট আৰু আমন্ত্ৰিত অতিথি হিচাপে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি,শিক্ষাবিদে অংশগ্ৰহণ কৰিব।ইফালে সমাৰোহৰ বাবে বিদ্যালয়খন আটকধুনীয়াকৈ সজাইপৰাই তোলা হৈছে।বিদ্যালয়খনৰ চৌদিশে সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰো।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like