নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰৰ কৃষি গৱেষণা কেন্দ্ৰৰ কৃষক দিৱস উদযাপন

কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত নথকাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ: কৃষক ৰাইজৰ গৌৰৱ থল শতবৰ্ষত ভৰি দিয়া তিতাবৰ কৃষি গৱেষণা কেন্দ্ৰত আজি কৃষক দিৱস উদযাপন কৰা হয়। প্ৰতি বছৰে আজিৰ এই দিনটোত কৃষি গৱেষণা কেন্দ্ৰই আয়োজন কৰা কৰি অহা কৃষক দিৱসত ৰাজ্যৰ ভিন্ন প্রান্তৰৰ হেজাৰৰ অধিক কৃষক আৰু কৃষি বিজ্ঞানী সকলে আয়োজন কৰে।কৃষক সকলকলৈ অনুষ্ঠিত কৰা মুকলি সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দ্ৰ ডেকাই কয় যে কৃষক সকলৰ গৌৰৱৰ থল কৃষি গৱেষণা কেন্দ্ৰৰ এই মাহৰ ২৬ নৱেম্বৰ দিনা শতবৰ্ষত ভৰি দিব। শতবৰ্ষত উপনীত হোৱা আজিৰ আনন্দময় পৰিবেশত কৃষক সকলৰ কৃষিৰ প্ৰতি আগ্ৰহ দেখি আনন্দিত হৈছো।আজিৰ ভাৰতবৰ্ষৰ ৬০ শতাংশ কৃষি ভূমিত তিতাবৰৰ এই গৱেষণা কেন্দ্ৰত জন্ম দিয়া ধানৰ সঁচ ৰঞ্জিত চাব-১ ধানৰ খেতি কৰা হয়।উপাচাৰ্য গৰাকীয়ে কয় যে আৰু কেইদিনমানৰ পাছত ২৬ নৱেম্বৰ দিনা শতবৰ্ষত ভৰি দিব এই কেন্দ্ৰই। সেই সোণালী দিনটোত অসম ধান প্ৰতিষ্ঠান নামৰ এক অনুষ্ঠান জন্ম দিয়া হব। অসম ধান প্ৰতিষ্ঠান নামৰ অনুষ্ঠানটোত ভাৰতবৰ্ষৰ ভিন্ন প্রান্তৰৰ কৃষক সকল আৰু বিজ্ঞানী সকলে ধানৰ ওপৰত প্ৰশিক্ষণ লব পাৰিব।তিতাবৰৰ এই গৱেষণা কেন্দ্ৰত ৬ হেজাৰৰ ধানৰ সঁচ সুৰক্ষিত অৱস্থাত আছে।ইয়াৰ বাবে সেই নিৰ্দিষ্ট দিনটোত জিন বেংক এটা প্ৰতিষ্ঠা হব।লগতে উপাচাৰ্য গৰাকীয়ে কয় যে ধান বুলি কলে আমি কেৱল ধান বুজি পাওঁ।ধানক লৈ এতিয়া নতুন ব্যৱসায় কৰাৰ সময় আহি পৰিছে।আমি প্ৰাকৃতিক খেতিৰ ওপৰত গুৰুত্ব দিব লাগে।ভাৰত চৰকাৰ অসম চৰকাৰে প্ৰাকৃতিক খেতিৰ ওপৰত গুৰুত্ব দিছে।একেটা ধানকে বছৰ বছৰ ধৰি একেডৰা মাটিত খেতি কৰি লাভ নাই।তিতাবৰ ধান গৱেষণা কেন্দ্ৰই উদ্ভাৱন কৰা নুমলী ধানৰ সময় ১৩০ দিন।সেয়েহে অসমৰ এশ হেক্তৰ ভূমিত আমি এইবাৰ নুমলী ধানৰ খেতি কৰিছোঁ।ইয়াৰ পাছত এই ভূমিত আমি মছুৰ ডালি, মাটি মাহ বা অন্যান্য খেতি কৰিব পাৰিম। আমি কেৱল ধান খেতি কৰিলেই নহব ধান কটাৰ পাছত এই ভূমিত আমি প্ৰাকৃতিক খেতি কৰিব লাগিব।ইতিমধ্যে এই কেন্দ্ৰই লাবন্য ধানৰ সঁচ মুকলি কৰি দিয়া হৈছে।ইফালে আদৰণি ভাষণত কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ ডঃ সঞ্জয় চেতিয়াই কৃষক সকলক শ্ৰদ্ধা জনায় কয় যে আমি কৃষক সকলক লৈ কুঁহিপাত নামৰ এটা গোট জন্ম দিছো।এই কুঁহিপাতত জড়িত থকা কৃষক সকলৰ দ্বাৰা দহ হেজাৰ হেক্তৰ মাটিত লাবন্য নামৰ ধানৰ খেতি কৰা হৈছে।লাবন্য ধান কটাৰ পাছত এই মাটিত মাকৈ আদি অন্যান্য খেতি কৰা হব।ৰঞ্জিত চাব-১ ধান ভাৰতবৰ্ষত অতি জনপ্ৰিয় ধান ।ইতিমধ্যে বহু কেইটা কোম্পানীয়ে আমাৰ উদ্ভাৱক ধান লুইত আৰু বাহাদুৰ ধান ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কৃষক ৰাইজৰ মাজত জনপ্ৰিয় কৰিবৰ কাম কৰি আছে। অহা ২৬ নৱেম্বৰত শতবৰ্ষ হব তাৰ বাবে আমি প্ৰস্তুতি চলাইছোঁ বুলি উল্লেখ কৰে।মুকলি সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ অশোক ভট্টাচাৰ্য, ডঃ প্ৰসন্ন কুমাৰ পাঠক, তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, তিতাবৰ মহকুমাধিপতি গায়ত্ৰী হাইলিঙে, বৰহোলাৰ প্ৰগতিশীল কৃষক শিখা মণি বৰাই বক্তব্য দিয়ে। কৃষক দিৱসৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ প্ৰদৰ্শনী মুকলি কৰা হয়।মুকলি সভাৰ অন্তত কেন্দ্ৰৰ পথাৰ পৰিদৰ্শন কৰা হয়।লগতে বহু কৃষক ৰাইজে বিভিন্ন বস্তৰ সমাহাৰে এক মেলা হয়।

আনহাতে বিগত বৰ্ষৰ দৰে এইবাৰো কৃষক দিৱসত উপস্থিত নাথাকিল ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা।তিতাবৰ এখন কৃষি প্ৰধান ঠাই হোৱাৰ স্বত্তে তিতাবৰত প্ৰচুৰ পৰিমাণৰ ধান উৎপাদন হয়।তিতাবৰৰ কৃষক সকলে আজিও ধানৰ উচিত মূল্য পাবলৈ সক্ষম হোৱা নাই। ইয়াৰ উপৰিও তিতাবৰৰ কৃষি ভূমিত এতিয়াও উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা নাই।কৃষিমন্ত্ৰী গৰাকী আজিৰ সভাত উপস্থিত থাকি কৃষক সকলৰ সুবিধাৰ্থে এক আশাৰ বতৰা দিব বুলি বহু কৃষকে পুৱাৰ পৰা উপস্থিত থাকি আশা কৰি আছিল যদিও কৃষিমন্ত্ৰী গৰাকীয়ে আজিৰ সভাত উপস্থিত থাকিম বুলি ঘোষণা কৰি শেষ মুহূৰ্তত সভা বাতিল কৰাত কৃষক ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।এগৰাকী দায়িত্বশীল কৃষিমন্ত্ৰী হৈ কৃষক ৰাইজৰ সভাত উপস্থিত নথকাৰ বহু কেইজন কৃষক ক্ষোভিত হৈ পৰা দেখা যায়।

প্ৰনৱজ্যোতি কলিতা, তিতাবৰ।

You might also like