নিয়মীয়া বার্তা, ১৪ মাৰ্চঃ বিশ্বৰ এশখনতকৈও অধিক দেশত ক’ৰোনাই মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰোনাৰ প্রভাৱ কাজিৰঙাতো পৰিছে ৷ কেন্দ্রীয় চৰকাৰৰ এক নির্দেশমর্মে কাজিৰঙালৈ চীন, জার্মানী, ফ্রান্স, ইটালীকে ধৰি সাতখন দেশৰ পর্যটকক নিষিদ্ধ কৰা হৈছে ৷ মহকুমা প্রশাসনে জানিব দিয়া মতে আজিৰ তাৰিখত কাজিৰঙাত বিভিন্ন পর্যটন নিৱাসত ৫০জনতকৈও অধিক বিদেশী পর্যটক আছে ৷ এই পর্যটকসকলৰ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে ৷ বিদেশী পর্যটকক আতিথ্য দিবলৈ শংকিত হৈছে কাজিৰঙাৰ পর্যটন ব্যৱসায়ী ৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰিবলৈ অহা দেশ বিদেশৰ পর্যটকৰ ওপৰত ভিত্তি কৰি বৃহৎ এলেকাটোৰ বহু লোক পর্যটন ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে ৷ বছৰৰ অক্টোবৰ মাহৰ পৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰাৰ উদ্দেশ্যে ইয়ালৈ দেশ–বিদেশৰ পর্যটকৰ সোঁত ববলৈ আৰম্ভ কৰে ৷
সমগ্র বিশ্বৰ লগতে প্রধানকৈ ক’ৰোনাৰ আতংকৰ প্রভাৱ কাজিৰঙাৰ পর্যটন ব্যৱসায়ত পৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য ২৮ ফেব্রুৱাৰীত এজন মার্কিন যুক্তৰাষ্ট্রৰ পর্যটকে আন তিনিগৰাকী মহিলা সংগীৰ সৈতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ মিহিমুখত এলিফেণ্ট ছাফাৰী কৰাৰ পিছত ৰাষ্ট্রীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰিছিল ৷ কাজিৰঙাৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা ভূটানলৈ যোৱা কাজিৰঙা ৰাষ্ট্রীয় উদ্যান ভ্রমণ কৰা আমেৰিকান পর্যটকৰ দেহত ক’ৰোনা ভাইৰাছ ধৰা পৰাৰ বাতৰি বিয়পি পৰাত ক’ৰোনাৰ আতংক অধিক প্রতিফলিত হয় কাজিৰঙাত ৷
ইতিমধ্যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষ আৰু মহকুমা প্রশাসনে এলিফেণ্ট ছাফাৰী কৰোৱা অর্থাৎ বন বিভাগৰ পোহনীয়া হাতীৰ মাউত আৰু আমেৰিকাৰ পর্যটকে জীপ ছাফাৰী কৰা জীপছী গাডীৰ চালকক স্বাস্থ্য পৰীক্ষা কৰাইছে৷ আনহাতে কঁহৰা আদর্শ চিকিৎসালয়ত ২৪ ঘণ্টা পর্যবেক্ষণ কৰিব পৰাকৈ পুৰুষ আৰু মহিলাৰ পৃথকে দুটা আইচলেচন ৱার্ড মুকলি কৰিছে ৷ আনহাতে ক’ৰোনাৰ পৰা ৰক্ষা অর্থাৎ মানুহৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি গোলাঘাট জিলা আৰু বোকাখাত মহকুমা প্রশাসনে কাজিৰঙা উৎসৱ বাতিল কৰিছে৷ ইফালে কাজিৰঙাৰ কেন্দ্রস্থল কঁহৰা চাৰিআলিত অনুষ্ঠিত হৈ থকা ৰাষ্ট্রীয় বাণিজ্য মেলাও প্রশাসনে ক’ৰোনাৰ কাৰণে বন্ধ কৰি দিছিল৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান ভ্রমণ কৰা আমেৰিকান পর্যটক ক’ৰোনাত আক্রান্ত হোৱাৰ পিছত পর্যটন ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি জীপ ছাফাৰীৰ চালক , হাতী মাউত, পর্যটন ব্যৱসায়ী আদিৰ লগতে স্থানীয় ৰাইজ ক’ৰোনাৰ আতংকত অধিক আতংকিত হোৱাৰ বাতৰি পোৱা গৈছে ৷