নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰাত্মক ক’ভিড–১৯ ক পৰাভূত পাঁচমহীয়া কেঁচুৱাৰ

নিয়মীয়া বার্তা, ২ জুনঃ  মহামাৰী ক’ভিড–১৯ ক পৰাভূত কৰিলে ব্রাজিলৰ এটি পাঁচমহীয়া কেঁচুৱাই৷ মাহ ধৰি ভেণ্টিলেটৰত অর্থাৎ ক’মা অৱস্থাত থকা পাঁচমহীয়া কেঁচুৱাটোৱে মাৰাত্মক ক’ভিড–১৯ৰ পৰা সুস্থ হৈ উঠাত চিকিৎসকসকলেও আশ্চর্য প্রকাশ কৰিছে৷

চিকিৎসকৰ লগতে পৰিয়ালৰ লোকেও কেঁচুৱাটিয়ে ক’ভিড–১৯ৰ পৰা আৰোগ্য লাভ কৰা বিষয়টোক আশ্চর্য হিচাপে আখ্যা দিছে৷ ৰি’ ডা জেনেৰি’ৰ প্র’কার্ডিয়াকো হাস্পতালত ডম নামৰ কেঁচুৱাটি ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বাবে ভর্তি কৰোৱা হৈছিল৷ ৫৪ দিন ধৰি চিকিৎসালয়ত প্রায় ক’মা অৱস্থাত থকা পাঁচমহীয়া কেঁচুৱাটিয়ে অৱশেষত ক’ভিড–১৯ৰ পৰা মুক্ত হয়, যিটো বিশ্বৰ ইতিহাসতে এক আশ্চর্যজনক ঘটনা হিচাপে চর্চিত হৈছে ৷

You might also like