নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীক দক্ষিণ পূৱ এছিয়াৰ চিকিৎসা পৰ্যটনৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আহিছেঃ মুখ্যমন্ত্ৰী

নেশ্যনেল মেডিক’জ অৰ্গেনাইজেশ্যনৰ ৪১ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ৭ মেঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত অনুষ্ঠিত নেশ্যনেল মেডিক’জ অৰ্গেনাইজেশ্যন [এন এম অ’]ৰ ৪১ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এই সন্মিলন গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে৷ ক’ভিড অতিমাৰীৰ সময়ত চিকিৎসক, নাৰ্চ, পেৰামেডিকেল আৰু স্বাস্থ্য কৰ্মীসকলে আগবঢ়োৱা অতুলনীয় সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সংকটকালীন সময়ছোৱাত প্লাজমা দানৰ বাবে অসমত এন এম অ’ৰ স্বেচ্ছাসেৱক সকলে ওলাই আহি মানৱতাৰ পৰিচয় দেখুৱাইছিল৷ মুখ্যমন্ত্ৰীয়ে দেশৰ স্বাস্থ্য সেৱাক অধিক গতিশীল কৰি তোলাৰ বাবে নতুন চিকিৎসকলক এন এম অ’ৰ সৈতে জড়িত হ’বলৈও আহ৩ান জনায়৷ ৰাজ্য চৰকাৰে স্বাস্থ্য আৰু শিক্ষা খণ্ডত অধিক গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ ৬ শতাংশ এই দুয়োটা শিতানতে বিনিয়োগ কৰা হৈছে৷ ইয়ে চৰকাৰখনৰ কল্যাণকামী দিশটোকে প্ৰকট কৰিছে বুলি তেওঁ কয়৷ ৰাজ্য চৰকাৰৰ নিৰন্তৰ প্ৰয়াসৰ বাবে অসমত নৱ জাতকৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ নিম্ন হৈছে৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ এই পৰিসংখ্যাই অসমৰ স্বাস্থ্য খণ্ডৰ সফলতাৰ ছবি এখন তুলি ধৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷

মুখ্যমন্ত্ৰীয়ে ২০১০ চনলৈ অসমত মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় থকা বুলি উল্লেখ কৰি অসমত বৰ্তমান ৮ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হোৱা বুলি কয়৷ ২০০৬ চনত এম বি বি এছৰ আসন ২৬০ খন থকাৰ বিপৰীতে বৰ্তমান অসমত ইয়াৰ সংখ্যা ১২০০ খনলৈ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ আজি অসমৰ ৮খন চিকিৎসা মহাবিদ্যালয়ৰ ৬ খন চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয়ত ডি এম এম চি এইচৰ দৰে পাঠ্যক্ৰম আৰম্ভ হোৱা বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে৷ তেওঁ কয় যে প্ৰতিবছৰে অসমত এখন এখনকৈ নতুন চিকিৎসা মহাবিদ্যালয়ত পাঠদান আৰম্ভ হ’ব৷ এই বছৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত, অহা বছৰত নলবাৰী আৰু তাৰ পিছৰ বছৰত কোকৰাঝাৰত পাঠদান আৰম্ভ হোৱাকে ধৰি অহা জ্জ -জ্জ্ব বছৰত গোটেই অসমত ২৪ খন চিকিৎসা মহাবিদ্যালয়তে কাম আৰম্ভ হ’ব৷ নতুনকৈ গঠন হোৱা জিলাসমূহক বাদ দি ১০ বছৰ পুৰণি অসমৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম পূৰ্ণদ্যোমে অব্যাহত আছে বুলিও তেওঁ কয়৷

মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰথমে স্ক্ৰীনিং, দ্বিতীয় পৰ্যায়ত ডে’ কেয়াৰ, কেম’থেৰাপি, তাৰ পাছত ৰেডিঅ’ থেৰাপি, চাৰ্জাৰী, মেডিকেশ্যন আৰু চতুৰ্থ পৰ্যায়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰেফাৰেল হাস্পতাল হিচাপে পৰ্যায়ক্ৰমে কৰ্কট ৰোগৰ ডিষ্ট্ৰিবিউটিভ কেন্সাৰ কেয়াৰ মডেল প্ৰস্তুত কৰা হৈছে৷ ইয়াৰ বাবে চ্ছ্ৰ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে বুলি তেওঁ কয়৷ যোৱা ২৮ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত জ্জ খন কৰ্কট চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে বুলি উল্লেখ কৰি ইয়াৰ বাবে ৰাজ্য চৰকাৰে তিনি ভাগৰ দুই শতাংশ, টাটা ট্ৰাষ্টে তিনি ভাগৰ এক শতাংশ ব্যয় কৰাৰ লগতে বাকী অংশ চি এছ আৰৰ জৰিয়তে বিনিয়োগ কৰা হ’ব৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণৰ বাবে প্ৰধানমন্ত্ৰী জন আৰোগ্য, আয়ুষ্মান ভাৰত আদি আঁচনি থকাৰ উপৰি ৰাজ্য চৰকাৰে অটল অমৃত অভিযানৰ জৰিয়তে দৰিদ্ৰ সীমাৰ ৰেখাৰ ওপৰৰ লোকসকলকো অন্তৰ্ভুক্ত কৰি জটিল ৰোগৰ বাবে ২ লাখ টকা পৰ্যান্ত চিকিৎসা ব্যয় সামৰাৰ ব্যৱস্থা কৰিছে৷ অটল অমৃত আৰু আয়ুষ্মান ভাৰত অভিযান সামৰি অসমত মুঠ জনসংখ্যাৰ ৯২ শতাংশ লোকক বৰ্তমান চিকিৎসা বীমাৰে সামৰি লোৱা হৈছে৷ ৩ হাজাৰৰ ওপৰত সুস্থতা কেন্দ্ৰ মুকলি কৰা হৈছে৷ ৰ হাজাৰ উপ-স্বাস্থ্য কেন্দ্ৰত সুস্থতা কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে৷ ভ্ৰাম্যমান স্বাস্থ্য কেন্দ্ৰ, চাহ বাগিচাত চিকিৎসালয় নিৰ্মাণ আদিৰে সমগ্ৰ অসমত এখন চিকিৎসা জাল নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ কয়৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে নতুনকৈ নিৰ্মাণ কৰা হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰে চুপাৰস্পেচিয়েলিটি হাস্পতালখন অহা ৯ মে’ত ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে শুভ উদ্বোধন কৰিব৷ আনহাতে নেফ্ৰল’জি আৰু ইউৰ’লজিৰ বাবেও চুপাৰস্পেচিয়েলিটি হাস্পতাল আৰম্ভ হ’ব আৰু ইয়াৰ প্ৰতিখনতে ৩০০ খনকৈ বিচনাৰ ব্যৱস্থা থাকিব৷ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰতিদিনে কমেও ৩,৫০০ ৰ পৰা ৪০০০ হাজাৰ ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে আৰু নতুনকৈ স্থাপন কৰা কৰ্কট চিকিৎসালয়ৰ সৈতে আগলৈ ইয়াৰ বিছনাৰ সংখ্যা প্ত হাজাৰৰৰো অধিক হ’ব৷ অত্যাধুনিক পেট চিটি, পেট এম আৰ আইৰ ব্যৱস্থা যোৱা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ কৰা হৈছে বুলিও তেওঁ কয়৷ গুৱাহাটীক দক্ষিণ পূৱ এছিয়াৰ চিকিৎসা পৰ্যটনৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ দিশত আমি কাম কৰি আহিছো বুলি মুখ্যমন্ত্ৰীয়ে কয়৷

আজিৰ এই সন্মিলনত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সম্পৰ্ক প্ৰমুখ ডাঃ ৰমেশ পাপ্পাই আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই এন এম অ’ অসমৰ সম্পাদক ডাঃ ৰক্তিম প্ৰতীম তামুলীয়ে৷ আজিৰ এই অনুষ্ঠানত এন এম অ’ৰ সভাপতি ডাঃ সতীশ মিধা, এন এম অ’ৰ ৰাষ্ট্ৰীয় সম্পাদক ডাঃ বিশ্বম্ভৰ সিং, এন এম অ’ৰ সাংগঠনিক সম্পাদক ডাঃ গিৰীশ শৰ্মা, এন এম অ’, অসমৰ সভাপতি ডাঃ প্ৰশান্ত দিহিংগীয়া, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্য, এন এম অ’ৰ সাংগঠনিক সভাপতি ডাঃ প্ৰমোদ শৰ্মা প্ৰমুখ্যে চিকিৎসক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷

You might also like