নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রৰ ৰমাভাও মালগী প্রবোধিনীত বিধায়কৰ প্রশিক্ষণঃ সংস্কাৰ–গণমুখী জনপ্রতিনিধি গঢ়াৰ নিৰলস প্রয়াস

ৰাজনীতিৰ পথাৰত খোজ দিয়াৰ পিছত প্রথমবাৰৰ বাবে এক বিৰল অভিজ্ঞতাৰ সন্মুখীন হ’লোঁ৷ অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাসৰ বলত ২০২১ বর্ষত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে বিজেপি মিত্রজোঁটৰ চৰকাৰে অসমৰ শাসনৰ দায়িত্বভাৰ লাভ কৰিছিল লগতে আমিও দ্বিতীয়বাৰৰ বাবে সমষ্টিৰ ৰাইজক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিলো৷ ভাৰতীয় জনতা পার্টীৰ সকলো নির্বাচিত বিধায়কৰ বাবে চৰকাৰখনৰ দ্বিতীয়টো কার্যকালৰ ছমাহ সম্পূর্ণ কৰাৰ সময়তে মহাৰাষ্ট্রত এক কর্মশালাৰ আয়োজন কৰা হৈছিল৷ উদ্দেশ্য আছিল বিধায়কসকলক সংস্কাৰমুখী আৰু জনমুখী কৰি তোলা৷ এই কর্মশালাত প্রশিক্ষণৰ বাবেই যোৱা ১১ নৱেম্বৰত গুৱাহাটীৰ পৰা মুম্বাইলৈ উৰা মাৰিছিলো৷ মুম্বাইৰ ছত্রপতি শিৱাজী আন্তর্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে আমাক বাছেৰে লৈ যোৱা হৈছিল মুম্বাইৰ পৰা ৭২ কিলোমিটাৰ নিলগৰ থানে জিলাৰ ৰামভাও মালগী প্রবোধিনী নামৰ প্রতিষ্ঠানলৈ৷ প্রায় ৬০০বিঘা ভূমিত থকা এই প্রতিষ্ঠানখনত প্রতিবছৰেই বহু ছাত্র–ছাত্রীক গণতান্ত্রিক নেতৃত্বৰ প্রশিক্ষণ প্রদান কৰা হয়৷ নিশাৰ অন্ধকাৰত ৰামভাও মালগী প্রবোধিনীত উপস্থিত হোৱাৰ পিছত তিনিটা দিন কেনেকৈ এই নির্জন ঠাইত পাৰ কৰিম, তাক লৈ সকলোৰে মাজত চিন্তা হৈছিল৷ সাধাৰণতে মন্ত্রী–বিধায়কসকল্ বাবে বিশেষ কোঠাৰ ব্যৱস্থা কৰা হয়৷ কিন্তু ৰামভাও মালগী প্রবোধিনীত প্রতি দুজন বিধায়কৰ বাবে এটা কোঠাৰ ব্যৱস্থা কৰা হৈছিল৷ উদ্দেশ্য আছিল দলৰ বিধায়কসকলৰ মাজত আত্মীয়তা গঢ় দিয়া৷ পিছদিনা পুৱা শোৱাৰ পৰা উঠি ৰামভাও মালগী প্রবোধিনীৰ প্রাকৃতিক সৌন্দর্যক প্রত্যক্ষ কৰি প্রতিজন বিধায়ককে অভিভূত কৰিছিল৷ মুম্বাইৰ কোলাহলৰ পৰা নিলগত এই ঠাইটুকুৰাৰ স্মৃতি এতিয়াও মনত সজীৱ হৈ আছে৷ এফালে পাহাৰ আৰু আনফালে সাগৰৰ মাজত অৱস্থিত প্রদুষণমুক্ত এই ঠাইটুকুৰাত পুৱাৰ সতেজ বতাহ সেৱন কৰাৰ আমেজেই আছিল সুকীয়া, সেই কথা প্রাতঃভ্রমণলৈ যোৱা প্রতিজন সতীর্থ মন্ত্রী–বিধায়কেই স্বীকাৰ কৰিছিল৷ প্রশিক্ষণ বিজেপি দলৰ এক অবিচ্ছেদ্য অংগ৷ কেৱল মন্ত্রী–বিধায়কেই নহয়, বিজেপিৰ প্রতিজন কার্যকর্তাকে সময়ে সময়ে দলৰ নীতি–আদর্শ আৰু সংস্কাৰ মানি দেশৰ বাবে নিজক উছর্গা কৰাৰ বাবে প্রশিক্ষণ দিয়া হয়৷ অৱশ্যে প্রথমবাৰ বিধায়ক হোৱাৰ পিছতো সোণাপুৰত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পার্টীৰ প্রশিক্ষণ শিবিৰত অংশগ্রহণ কৰাৰ সৌভাগ্য ঘটিছিল৷ কিন্তু ৰামভাও মালগী প্রবোধিনীৰ প্রশিক্ষণ শিবিৰ আছিল ব্যতিক্রম আৰু অনন্য৷
পুৱা ৬ বজাত চাহ, ৬বাজি ৩০ মিনিটত যোগাভ্যাস আৰু ৮.৩০ত পুৱাৰ আহাৰ গ্রহণৰ পিছতে ১২ নৱেম্বৰৰ পুৱা ৯.৩০ৰ পৰা আৰম্ভ হৈছিল প্রথমদিনাৰ প্রশিক্ষণ৷ প্রশিক্ষণ শিবিৰ উদ্বোধন কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷ ১১ বজাৰ পৰা ১১.৩০ বজালৈ পুনৰ চাহ বিৰতি দিয়া হৈছিল৷ আধাঘণ্টাৰ বিৰতিৰ পিছতে আৰম্ভ হৈছিল প্রথমদিনাৰ প্রশিক্ষণ৷ প্রশিক্ষণৰ প্রথম বিষয় আছিল ‘জনসংঘৰ পৰা বিজেপিৰ বিকাশ’৷ বক্তা আছিল অতুল ভাতখলকৰ৷ অসমৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় নেতা দিলীপ শইকীয়াই অসমত বিজেপিৰ ইতিহাসৰ ওপৰতো বত্তৃণতা দিছিল৷ নেতাদ্বয়ৰ ডেৰঘণ্টীয়া এই বত্তৃণতাৰ সময়ছোৱাত দলটোৰ বহু নজনা বিষয়ৰ ওপৰত জ্ঞান লভিবলৈ সক্ষম হৈছিলো৷ ইয়াৰ পিছতে ১ বজাত ভোজন বিৰতি দিয়া হৈছিল৷ প্রশিক্ষণৰ কালছোৱাত প্রতিদিনেই বিধায়কসকলক স্বাস্থ্যসন্মত শুদ্ধ নিৰামিষ আহাৰ প্রদান কৰা হৈছিল৷ ইয়াৰ পিছতে ‘আমাৰ সৈদ্ধান্তিক অধিষ্ঠান’ বিষয়ত মার্গদর্শন কৰোৱায় ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ ভি সতীশে৷ ২ বজাৰ পৰা ৩বাজি ৩০ মিনিটলৈ অনুষ্ঠিত ডেৰঘণ্টীয়া এই অনুষ্ঠানত ‘বিচাৰ–পৰিবাৰ’ শীর্ষক বিষয়ত ভাষণ দিয়ে উত্তৰ–পূর্বাঞ্চলৰ প্রভাৰী অজয় জামোৱালে৷ ইয়াৰ পিছত পুনৰ আধাঘণ্টাৰ বাবে চাহ বিৰতি দিয়া হয়৷ চাহ বিৰতিৰ পিছতে পুনৰ আধাঘণ্টাৰ বাবে অনুষ্ঠিত হয় প্রশিক্ষণ শিবিৰৰ৷ এইবাৰ মন্ত্রী–বিধায়কৰ বাবে অতি এক প্রয়োজনীয় বিষয়ত জ্ঞান প্রদান কৰে মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যনন্ত্রী তথা বর্তমানৰ বিৰোধী দলপতি দেৱেন্দু ফার্নাৱিছে৷ ফার্নাৱিছে সংসদীয় সাধনৰ প্রভাৱী উপযোগৰ ওপৰত অতি সুন্দৰ বত্তৃণতা আগবঢ়ায়৷ এইখিনিতে আমি উল্লেখ কৰিব লাগিব যে, ফার্নাৱিছৰ লগতে মহাৰাষ্ট্রৰ কেইবাগৰাকীও বিধায়কে তেওঁলোকৰ বিগত বিজেপি চৰকাৰৰ শাসনকালত কৰা উন্নয়নমূলক কাম–কাজ আৰু বর্তমান তেওঁলোকে বিধানসভাত বিৰোধী হিচাপে পালন কৰা ভূমিকাৰ ওপৰতো আলোকপাত কৰে৷ গণতন্ত্রত শাসকীয় ৰাজনৈতিক দলৰ সমান্তৰালভাৱে বিৰোধী ৰাজনৈতিক দলৰ ভূমিকাও গুৰুত্বপূর্ণ৷ এইসমূহ বিষয়তো তেওঁলোকে আমাক বিস্তৃতভাৱে মার্গদর্শন কৰায়৷ ইয়াৰ পিছত পুনৰ লঘু আহাৰৰ বাবে ৪৫মিনিটৰ বিৰতি প্রদান কৰা হয়৷ ৭বাজি ৩০মিনিটত পুনৰ প্রশিক্ষণ শিবিৰ আৰম্ভ হোৱাৰ পূর্বে সতীর্থ মন্ত্রী–বিধায়কসকল্ মনোবৈজ্ঞানিক ক্রীডাৰো আয়োজন কৰা হয়৷ প্রথম দিনৰ প্রশিক্ষণ শিবিৰৰ শেষ বিষয় আছিল বিশ্বায়নৰ ক্ষেত্রখনত ভাৰতৰ খোজ৷ প্রশিক্ষক আছিল অসমৰ প্রভাৰী বৈজয়ন্ত পাণ্ডা৷ পুৱা ৯.৩০ৰ পৰা নিশা ৯.৩০লৈকে এই সময়ছোৱা কিদৰে পাৰ হৈ গৈছিল, আমি গমকেই পোৱা নাছিলো৷
দ্বিতীয় দিনা পুৱা ড০ বিনয় সহস্রবুদ্ধেই মন্ত্রী–বিধায়কসকল্ দলৰ বিকাশ আৰু সংবাদ– কৌশলৰ ওপৰত মার্গদর্শন কৰায়৷ ব্যক্তিক দিনচর্চা, আমাৰ কার্যপদ্ধতি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ ওপৰত মার্গদর্শন কৰে ৰাষ্ট্রীয় নেতা শিৱ প্রকাশ আৰু অসমৰ সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মাই৷ দ্বিতীয় দিনাৰ প্রশিক্ষণত মন্ত্রী–বিধায়কসকল্ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাইয়ো মার্গদর্শন কৰোৱায়৷ সদায় লগ পোৱা মানুহজনক সেইদিনা আমি ব্যতিক্রমী ৰূপত দেখিছিলো৷ বিধায়ক হিচাপে তেওঁক যেতিয়াই লগ কৰোঁ তেওঁ সদায় ৰাজ্যখনৰ সমস্যা তথা সমষ্টিৰ ৰাইজৰ উন্নয়নৰ বিষয়ে আমাৰ লগত আলোচনা কৰে৷ কিন্তু এই প্রশিক্ষণৰ সময়ছোৱাত তেওঁ কেৱল বিধায়কসকলৰ নৈতিক প্রমূল্যবোধ তথা সাধাৰণ ৰাইজৰ লগত সংযোগ বৃদ্ধিৰ বিষয়ত গুৰুত্ব প্রদান কৰে৷ অনাগত পাঁচটা বছৰত তেওঁৰ স্বপ্ণৰ অসমখনক ভাৰতবর্ষৰ শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান প্রাপ্তিৰ বাবে মন্ত্রী–বিধায়কসকল একেলগ হৈ ‘টীম অসম’ হিচাপে আগবাঢ়ি যোৱাৰ পোষকতা কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে ক্ষমতালিপ্সা তথা অহংভাব এৰি সমষ্টিৰ ৰাইজক পৰিয়ালৰ দৰে লৈ উন্নয়নৰ পথত আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰাৰো বহু মূল্যৱান পৰামর্শ আগবঢ়ায়৷ ৰামভাও মালগী প্রবোধিনীত মুখ্যমন্ত্রীগৰাকীয়ে আগবঢ়োৱা ভাষণত কোনোধৰণৰ চৰকাৰী আঁচনিৰ কথা নাছিল৷ ইয়াৰ পৰিৱর্তে মন্ত্রী–বিধায়ক তথা দলীয় কার্যকর্তাই সমিলমিলেৰে কিদৰে ৰাজ্যখনক প্রগতিৰ পথত আগুৱাই নিয়াৰ বাবে জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব লাগে, সেই বিষয়সমূহেহে গুৰুত্ব লাভ কৰিছিল৷ লগতে অৱসাদ দূৰীকৰণৰ কৌশল প্রদান কৰে ডাঃ হৰিশ ছেট্টীয়ে৷ ডাঃ হৰিশ ছেট্টি ভাৰতৰ এগৰাকী প্রখ্যাত মনোবিজ্ঞানী৷ আমি এই প্রশিক্ষণৰ কালছোৱাত তেওঁৰ কৌশল দেখি আচৰিত হৈছিলো৷ তেওঁ আমাৰ বহু সতীর্থ মন্ত্রী–বিধায়কৰ মুখলৈ চায়ে তেওঁলোকৰ জীৱন যাপনৰ প্রণালীৰ বিষয়ে সকলো ক’ব পাৰিছিল৷
তৃতীয় দিনা পুৱাই বিজেপিৰ যুৱ মর্চাৰ ৰাষ্ট্রীয় সভাপতি তথা তেজোদ্দীপ্ত নেতা হিচাপে পৰিচিত তেজস্বী সূর্যই অসমৰ মন্ত্রী–বিধায়কক যুৱপ্রজন্মৰ সৈতে সংযোগ বৃদ্ধিৰ কৌশল প্রদান কৰে৷ ৰাষ্ট্রীয় যুৱনেতাগৰাকীয়ে যুৱপ্রজন্মৰে সংযোগ, সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ ব্যৱহাৰৰ উপৰি প্রত্যাহ্বানক নেওচি আগবাঢ়ি যোৱাৰ কৌশলৰ ওপৰত জ্ঞান প্রদান কৰে৷ ইয়াৰ পিছতে অসমৰ প্রাক্তন মুখ্যমন্ত্রী তথা জাহাজ, বন্দৰ আৰু আয়ুস বিভাগৰ কেন্দ্রীয় কেবিনেট মন্ত্রী সর্বানন্দ সোণোৱালে কেন্দ্রীয় চৰকাৰে অসমৰ প্রতি লোৱা বিকাশৰ আঁচনিসমূহৰ ক্ষেত্রত অসমৰ মন্ত্রী–বিধায়কক জ্ঞান প্রদান কৰে৷ সোণোৱালে বিজেপিৰ মন্ত্রী–বিধায়কসকল্ জনসম্পর্ক সুদৃঢ় কৰাৰ বাবেও আহ্বান জনায়৷ সোণোৱালৰ ভাষণৰ দ্বাৰাও সতীর্থ মন্ত্রী–বিধায়কসকল্ যথেষ্ট উপকৃত হ’ব বুলি আমাৰ বিশ্বাস৷ তেওঁ সকলোকে অহংকাৰ এৰি মাটিৰ লগত মিলি সকলো জনপ্রতিনিধিকে কাম কৰি যাবলৈ আহ্বান জনায়৷ তিনিদিনীয়া প্রশিক্ষণৰ অন্ত পৰে প্রশ্ণোত্তৰ শিতানেৰে৷ এই প্রশ্ণোত্তৰ শিতানত অংশগ্রহণ কৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক ভি এল সন্তোষ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই৷ এই প্রশ্ণোত্তৰ শিতানেও আমাক বিশেষভাৱে উপকৃত কৰিলে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় সাংগঠনিক সম্পাদক ভি এল সন্তোষ আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্রশিক্ষার্থীসকলে তিনিদিনীয়া প্রশিক্ষণৰ কালছোৱাত লাভ কৰা অভিজ্ঞতা আৰু পৰৱর্তী পর্যায়ত ইয়াৰ পৰা কিদৰে উপকৃত হ’ব, সেই বিষয়েও আলোকপাত কৰে৷ বিশেষকৈ কেন্দ্রীয় সাংগঠনিক সাধাৰণ সম্পাদক ভি এল সন্তোষে সতীর্থ মন্ত্রী–বিধায়কক উদ্দেশ্যি তেওঁৰ ভাষণত আগবঢ়োৱা এটি মন্তব্য আমাৰ মনত এতিয়াও সজীৱ হৈ আছে৷ তেওঁ কৈছিল মন্ত্রী অথবা বিধায়ক মাত্র ৫বছৰৰ বাবে হোৱা যায়৷ কিন্তু দলৰ কার্যকর্তা জীৱনৰ শেষমুহূর্তলৈকে দলটোৰ সৈতে জডিত হৈ থাকে৷ সেয়ে ভাল জনপ্রতিনিধি হোৱাৰ বাবে এগৰাকী ভাল কার্যকর্তা হোৱাটো অপৰিহার্য৷
দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নগাঁৱৰ ৰাইজে আমাক নির্বাচিত কৰাৰ পিছত সমষ্টিবাসী ৰাইজৰ বাবে কাম কৰি যোৱাৰ ক্ষেত্রত এই প্রশিক্ষণ শিবিৰে যথেষ্টভাৱে উপকৃত কৰিব বুলি আমাৰ বিশ্বাস৷ এই প্রশিক্ষণ শিবিৰ প্রতিজন মন্ত্রী–বিধায়কৰ বাবেই আশীর্বাদস্বৰূপ৷ এই প্রশিক্ষণ শিবিৰ আছিল ব্যতিক্রমী৷ এই প্রশিক্ষণে বিজেপিৰ অসমৰ মন্ত্রী–বিধায়কক এটি পৰিয়ালৰ দৰে গঢ় দিলে৷ আমাৰ মাজত আত্মীয়তা বৃদ্ধিৰ বাবেও এই প্রশিক্ষণ শিবিৰটোত যথেষ্ট কৌশলী পদক্ষেপ লোৱা হৈছিল৷ ৰাষ্ট্রীয় সভাপতিৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্রী, কেন্দ্রীয় মন্ত্রী, অসমৰ সকলো মন্ত্রী–বিধায়কে একেলগে ৩টা দিন কটোৱাৰ এক সুযোগ লাভ কৰিলে৷ জনসংঘৰ অক্লান্ত কর্মী তথা দীনদয়াল উপাধ্যায়ৰ আদর্শৰে অনুপ্রাণিত ৰামভাও মালগী এগৰাকী অতি সৎ আৰু নিষ্ঠাৱান জননেতা আছিল৷ লোকসভাৰ সাংসদ হিচাপে নির্বাচিত হোৱাৰ পিছত মালভীয়ে দেশ তথা ৰাইজৰ বাবে কৰা ত্যাগ আৰু কষ্টৰ বাবেই বিশেষভাৱে জনপ্রিয় আছিল৷ ৰাষ্ট্রৰ বাবে নিজকে উছর্গা কৰা এইগৰাকী নেতাৰ পুণ্য স্মৃতি চিৰযুগমীয়া কৰাৰ মানসেৰে ১৯৮২ চনতে বিজেপিৰ প্রয়াত নেতা প্রমোদ মহাজনে মহাৰাষ্ট্রৰ থানে জিলাৰ উট্টন গাঁৱত এই ৰামভাও মালগী প্রবোধিনীৰ স্থাপন কৰিছিল৷ ভাৰতৰ ৰাজনীতিত গৱেষণাৰ থলি হিচাপে চর্চিত এই প্রতিষ্ঠানটিক ৰাজনৈতিক গৱেষণা কেন্দ্র হিচাপে ইতিমধ্যে মুম্বাই বিশ্ববিদ্যালয়ে স্বীকৃতি দিছে৷ ৰাইজৰ দ্বাৰা নির্বাচিত জনপ্রতিনিধি অথবা ৰাজনৈতিক নেতাক জনকল্যাণমূলক কাম–কাজৰ প্রতি নিয়োজিত কৰাৰ মহান উদ্দেশ্য আগত ৰাখিয়ে এই প্রতিষ্ঠানখন স্থাপন কৰা হৈছিল৷ বিজেপিৰ নীতি–আদর্শ আৰু সংস্কাৰৰ প্রকৃত পৰিচয় প্রদান কৰি আহিছে ৰামভাও মালগী প্রবোধিনীয়ে৷ আমাৰ আশা অনাগত দিনবোৰত ৰামভাও মালগী প্রবোধিনীৰ তিনিদিনীয়া মার্গদর্শন কার্যসূচীয়ে ৰাজনীতিৰ ক্ষেত্রখনত আগুৱাই যোৱাৰ বাবে আমাক যথেষ্ট সহায় কৰিব৷

ৰূপক শর্মা, লেখক নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক

You might also like