নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱসৰপ্রাপ্ত সহঃ উপ–আৰক্ষী পৰিদর্শকক পুনৰ চাকৰিত মকৰল; নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ষিপ্রতাৰে চার্জশ্বীট

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ অসম আৰক্ষীত মীমাংসা নোহোৱা গোচৰসমূহৰ চার্জশ্বীট প্রস্তুত কৰাৰ লগতে গোচৰৰ কাম–কাজ ক্ষিপ্র কৰাৰ বাবে পুনৰ চাকৰিলৈ ঘূৰাই অনা হ’ব অৱসৰপ্রাপ্ত সহকাৰী উপ–পৰিদর্শক (এ এছ আই)সকলক৷ বৃহস্পতিবাৰে এই কথা বিধানসভাত ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

অসম বিধানসভাৰ প্রক্রিয়া আৰু কার্যপৰিচালনা নিয়মাৱলীৰ ৩০১নং নিয়মৰ অধীনত বিশেষ প্রসংগ কার্যসূচীত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে অসম আৰক্ষীক আধুনিকীকৰণ আৰু শেহতীয়াকৈ আৰক্ষীয়ে চলোৱা অভিযানৰ প্রসংগত বিভিন্ন দিশ উত্থাপন কৰি এইক্ষেত্রত অসম আৰক্ষীক শক্তিশালী কৰাৰ বাবে আহ্বান জনায় চৰকাৰক৷ ইয়াৰ উত্তৰ প্রদান কৰি গৃহ তথা মুখ্যমন্ত্রী ড০ শর্মাই কয়– বিভিন্ন আৰক্ষী থানাত অমীমাংসিত ৰূপত থকা গোচৰসমূহৰ কাম–কাজ আগুৱাই নিয়াৰ লগতে চার্জশ্বীট প্রস্তুত কৰাৰ বাবে অৱসৰপ্রাপ্ত এ এছ আইসকলক পুনৰ চাকৰিলৈ ওভতাই অনা হ’ব৷ তেওঁলোকৰ মূল কাম হ’ব চার্জশ্বীট প্রস্তুত কৰা আৰু বিভিন্ন অমীমাংসিত গোচৰৰ কাম–কাজ আগুৱাই নিয়া৷ খোদ দিছপুৰ আৰক্ষী থানাতেই প্রায় ১৩ হাজাৰ গোচৰ ওলমি আছে৷ ইয়াৰে প্রায় চাৰি হাজাৰ গোচৰ দল–সংগঠনৰ ওপৰত৷ গতিকে এই গোচৰসমূহৰ মীমাংসা কৰাৰ বাবে অৱসৰপ্রাপ্ত এ এছ আইসকলে কাম কৰিব৷ তেওঁলোকৰ কাম হ’ব আৰক্ষী থানাৰ ভিতৰত৷

মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে অসম আৰক্ষীত অপাৰেচন উইং আৰু আইন–শৃংখলা উইং পৃথক পৃথক কৰা হ’ব৷ কিয়নো একেটা দায়িত্বত থকাৰ ফলত বহু গুৰুত্বপূর্ণ গোচৰৰ তদন্তৰ ক্ষেত্রত আৰক্ষীয়ে আগবাঢ়িব নোৱাৰে৷ আনহাতে, অসমত ১০টা কমাণ্ডো বেটেলিয়ন ফ’চ গঠন কৰা হ’ব বুলি উল্লেখ কৰি বিধানসভাত মুখ্যমন্ত্রীয়ে কয়– আন্তঃৰাজ্যিক সীমাৰ লগতে আন্তঃৰাষ্ট্রীয় সীমাত এই কমাণ্ডো জোৱানসকলক নিয়োগ কৰা হ’ব৷ সীমা সুৰক্ষাৰ ক্ষেত্রতে নহয়, এই বেটেলিয়নে সীমান্ত অঞ্চলত অপৰাধ নিয়ন্ত্রণ কৰিব আৰু প্রয়োজনত গোচৰ পঞ্জীয়ন কৰাৰো ক্ষমতা থাকিব৷ কার্যতঃ এই বেটেলিয়নসমূহে এখন আৰক্ষী থানাৰ দৰে কাম কৰিব৷

ইয়াৰ সমান্তৰালকৈ অসম আৰক্ষীত ৮ ঘণ্টাকৈ ছিফটিং ডিউটী কৰাৰো ব্যৱস্থা কৰা হৈছে৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে বেটেলিয়নৰ জোৱানসকলৰ বাধ্যতামূলক এমাহৰ ছুটী দিয়া হ’ব৷ যাতে তেওঁলোকে পৰিয়ালক লগ পাব পাৰে৷ অৱশ্যে কোৱার্টাৰত থকাসকলে ১০ দিনৰ ছুটী লাভ কৰিব৷ ইয়াৰ পূর্বে আমিনুল ইছলামে উত্থাপন কৰা আৰক্ষীৰ অপৰাধীবিৰোধী অভিযানক লৈ তোলা কিছু অভিযোগ সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– সমষ্টিত কোনো এটা সমষ্টিয়ে অপৰাধমুক্ত নহয়৷ যিসকলে অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা নকয়, তেওঁলোকে এই অপৰাধীৰ চিকাৰ হ’ব পাৰে৷ অপৰাধ হ’লে আৰক্ষীয়ে নিজৰ কাম কৰিব৷

You might also like