নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জি–২০ সন্মিলনৰ বাবে ব্যাপক প্রস্তুতি অসমতঃ জনতা ভৱনত উৰিছে ২জিৰ অধীনস্থ দেশৰ পতাকা

  • জনতা ভৱনত উৰিছে ২জিৰ অধীনস্থ দেশৰ পতাকা
  • ৬–৮ ফেব্রুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব য়ুথ ২০ গোটৰ প্রথমখন বৈঠক
  • অংশ ল’ব ৰাজ্যৰ ৫০ৰো অধিক মহাবিদ্যালয়–বিশ্ববিদ্যালয়ৰ ১২ হাজাৰ শিক্ষার্থীয়ে

 

নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰী: দেশত প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া জি–২০ সন্মিলনক লৈ ব্যাপক প্রস্তুতি আৰম্ভ হৈছে অসমত৷ মুখ্যতঃ দেশ–বিদেশৰ প্রতিনিধিৰ অংশগ্রহণেৰে গুৱাহাটী আৰু ডিব্রুগড়ত অনুষ্ঠিত হ’ব লগা ৫খন বৈঠকৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷ ফেব্রুৱাৰী মাহৰ আৰম্ভণিৰ পৰা এপ্রিললৈ অনুষ্ঠিত হ’ব লগা এই পাঁচখন বৈঠকত অংশগ্রহণ কৰিব জি–২০ৰ অধীনস্থ কেইবাখনো দেশৰ প্রতিনিধিৰ লগতে ৰাষ্ট্রপ্রধান৷ ইতিমধ্যে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত বিভিন্ন দেশৰ প্রতিনিধিক আদৰিবলৈ আৰম্ভ হৈছে বিভিন্ন ধৰণৰ প্রস্তুতি৷ জনতা ভৱন প্রাংগণত জি–২০ দেশৰ পতাকা উৰুৱাই এই প্রতিনিধিসকলক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ৷

উল্লেখ্য যে গুৱাহাটীত ২ আৰু ৩ ফেব্রুৱাৰী, ৬–৮ ফেব্রুৱাৰী, ১৩–১৫ মার্চ আৰু ৩–৫ এপ্রিলত অনুষ্ঠিত হ’ব বৈঠক৷ আনহাতে, ২৩–২৪ মার্চত ডিব্রুগড়ত অনুষ্ঠিত হ’ব আন এখন বৈঠক৷ মুখ্যতঃ জলবায়ু পৰিৱর্তন, দুর্যোগৰ বিপদ শংকা হ্রাস, শান্তি প্রতিষ্ঠা, গণতন্ত্র আৰু স্বাস্থ্য, ক্রীড়াত যুৱ শক্তিৰ আগমন আদি কৰি কেইবাটাও দিশত হ’ব লগা এই বৈঠকত জি–২০ দেশৰ প্রতিনিধিয়ে অংশ ল’ব৷ ইয়াৰ সমান্তৰালভাৱে প্রথমবাৰৰ বাবে জি–২০ সন্মিলনৰ অংশস্বৰূপে গুৱাহাটীত অনুষ্ঠিত হ’ব য়ুথ ২০ সন্মিলন৷ অহা ৬ ফেব্রুৱাৰীৰ পৰা ৮ ফেব্রুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব লগা এই য়ুথ ২০ৰ অন্তিমখন বৈঠক হ’ব আগষ্ট মাহত৷ অসমত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া য়ুথ ২০ বৈঠকত বিভিন্ন দেশৰ ২৫০জনতকৈ অধিক প্রতিনিধিয়ে অংশগ্রহণ কৰিব৷ ৰাজ্য চৰকাৰৰ সূত্রই প্রকাশ কৰা অনুসৰি য়ুথ ২০ত মূলতঃ জি–২০ৰ অধীনত আঠটা গোটৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি দিয়া হৈছে৷

চলিত বর্ষত ভাৰতত অনুষ্ঠিত হোৱা ৱাই ২০ৰ সন্মিলনে দেশৰ যুৱকসকলৰ প্রচেষ্টাৰ বিভিন্ন উদাহৰণ আন দেশৰ প্রতিনিধিৰ ওচৰত দাঙি ধৰা হ’ব৷ লক্ষণীয়ভাৱে অনুষ্ঠিত হ’ব লগা ৱাই ২ বৈঠকত অসমৰ প্রায় আটাইকেইখন জিলাৰ ৫০খনতকৈও অধিক মহাবিদ্যালয়–বিশ্বব্ পৰা ১২ হাজাৰৰো অধিক শিক্ষার্থীয়ে বিভিন্ন বিষয়ৰ ওপৰত হ’ব লগা আলোচনা, কর্মশালা, বিতর্ক আৰু পেনেলত অংশ ল’ব৷ ইফালে, জি–২০ত অংশগ্রহণ কৰিব লগা বিভিন্ন দেশৰ প্রতিনিধিসকলক অসমৰ কলা–কৃষ্টি, ঐতিহ্য–সম্পদ তথা প্রাকৃতিক প্রাচুর্যৰে ভৰপূৰ ৰাজ্যৰ কেইবাটাও স্থান পৰিদর্শন কৰোৱা হ’ব৷ অংশগ্রহণকাৰীসকলে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈও নিয়া হ’ব৷

You might also like