নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেহাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ হুংকাৰ মুখ্যমন্ত্রীৰ

বাংলাদেশৰ পৰিস্থিতিৰ সুযোগ লৈ অসমত সোমাইছে জেহাদী

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ অসম অশান্ত কৰাৰ লক্ষ্যৰে চুবুৰীয়া বাংলাদেশৰ ইছলামিক সন্ত্রাসবাদী সংগঠনসমূহে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা৷ এনে তৎপৰতাৰ সময়তে অসম আৰক্ষীয়ে অভিযান চলাই মৌলবাদী সংগঠনৰ গোপন নেটৱর্ক ধৰা পেলাবলৈ সক্ষম হোৱাই নহয়, যোৱা ২৪ ঘণ্টাত গ্রেপ্তাৰ কৰিছে ২০জনকৈ জেহাদীক৷ ৰাজ্যৰ ভিন্ন প্রান্তত জেহাদীৰ বিৰুদ্ধে চলা এই অভিযানৰ পাছতে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– জেহাদীৰ বিৰুদ্ধে অসমতেই নহয়, দেশতো চলিছে অভিযান৷ চুবুৰীয়া বাংলাদেশত পৰিস্থিতিৰ সুযোগ লৈ অসমত সোমাইছে জেহাদী৷ উল্লেখ্য যে  মৈৰাবাৰীত এখন ধর্মীয় মাদ্রাছাৰ শিক্ষক মহম্মদ মোস্তাফ নামৰ জেহাদীজনক গ্রেপ্তাৰ কৰাৰ পাছতেই উন্মোচিত হৈছে ভয়ংকৰ তথ্য৷ আৰক্ষীৰ এই অভিযানৰ পাছতেই মুখ্যমন্ত্রী ড০ শর্মাই প্রতিক্রিয়া প্রকাশ কৰি সাংবাদিকৰ আগত কয়– মৈৰাবাৰীত ধর্মীয় মাদ্রাছাৰ এজন শিক্ষকৰে বাংলাদেশৰ জেহাদী গ্রুপৰ সৈতে থকা সম্পর্কৰ তথ্য উদ্ঘাটনৰ পাছতে এই ধর্মীয় মাদ্রাছাখন ছীল কৰি দিয়া হৈছে৷ মাদ্রাছাখনৰ ছাত্র–ছাত্রীসকলক সাধাৰণ স্কুললৈ নিয়াৰ বাবে ইতিমধ্যে জিলা উপায়ুক্তক নির্দেশ দিয়া হৈছে৷ বৰপেটাতো   ফাণ্ডামেণ্টিলিষ্টৰ ডাঙৰ মডিউল এটা উৎখাত কৰা হৈছে৷ মডিউলটোৰ সৈতে জড়িত আটাইকেইজনক গ্রেপ্তাৰ কৰা হৈছে৷ গ্রেপ্তাৰ হোৱা এই গোটেইকেইজন যে বাংলাদেশৰ মৌলবাদী গোটৰ লগত জড়িত, তাৰ স্পষ্ট প্রমাণ আহি পৰিছে৷ মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যত চৰকাৰী মাদ্রাছা সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হৈছে৷ এতিয়া ধর্মীয় মাদ্রাছা কিছু কিছু স্থানত চলি আছে৷ মৰিগাঁৱৰ মৈৰাবাৰীত গ্রেপ্তাৰ হোৱা মাদ্রাছাৰ শিক্ষকজন বাংলাদেশৰ সৈতে থকা সম্পর্কৰ তথ্য লাভ কৰা হৈছে৷ ইফালে, একাংশ ধর্মীয় মাদ্রাছা জেহাদীৰ ঘাটিত পৰিণত হৈছে বুলি শেহতীয়াকৈ উত্থাপিত অভিযোগক লৈ মুখ্যমন্ত্রীয়ে কয় যে বিষয়টোক লৈ আমি অনুসন্ধান কৰি আছোঁ৷ কিন্তু সম্পূর্ণ তথ্য লাভ নকৰালৈ সকলো মাদ্রাছাক সাঙুৰি লোৱাটো উচিত নহ’ব৷ কিন্তু এনেধৰণৰ কার্যকলাপৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্রহণ কৰি আছোঁ৷

You might also like