নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ বেংকত ৪৮,২৬২ কোটি উত্তৰাধিকাৰীহীন টকা

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ দেশৰ বিভিন্ন বেংকত উত্তৰাধিকাৰীহীন টকাৰ পৰিমাণ বৃদ্ধি পাই আহিছে৷ বৃহৎ অংকৰ এই উত্তৰাধিকাৰী নোহোৱা টকাৰ দাবীদাৰ বিচাৰি এইবাৰ অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই৷ যিবোৰ ৰাজ্যৰ পৰা আটাইতকৈ বেছি উত্তৰাধিকাৰী নোহোৱা টকা বেংকত জমা হৈ আছে তেনে ৮খন ৰাজ্যৰ ওপৰত আৰ বি আইৰ নজৰ আছে বুলি এক সূত্রই সদৰী কৰিছে৷

ৰিজার্ভ বেংকৰ তথ্য অনুসৰি ২০২০–২১ বিত্তীয় বর্ষত বেংকসমূহত জমা হৈ থকা উত্তৰাধিকাৰীহীন ধনৰ পৰিমাণ আছিল ৩৯,২৬৪ কোটি টকা৷ ২০২১–২২ বিত্তীয় বর্ষটোত উত্তৰাধিকাৰী নোহোৱা টকাৰ পৰিমাণ ৪৮,২৬২ কোটিলৈ বৃদ্ধি পায়৷ লক্ষণীয়ভাৱে যদি কোনো গ্রাহকে ১০ বছৰ ধৰি নিজৰ বেংক একাউণ্টৰ পৰা ধনৰ লেনদেন নকৰে, তেতিয়াহ’লে সেই একাউণ্টত জমা থকা ধনক উত্তৰাধিকাৰীহীন বুলি ঘোষণা কৰা হয়৷ যিবোৰ বেংক একাউণ্টত কোনোধৰণৰ লেনদেন নহয়, সেই একাউণ্টবোৰ নিষ্ক্রিয় হৈ যায়৷ ছেভিংছ একাউণ্ট, ফিক্সড ডিপ’জিট, ৰেকাৰিং ডিপ’জিটৰ উত্তৰাধিকাৰীহীন টকা ৰিজার্ভ বেংকৰ ডিপ’জিটৰ এডুকেচন এণ্ড ৱেৰনেছ ফাণ্ডত জমা হয়৷ আৰ বি আইৰ এগৰাকী বিষয়ববীয়াৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ মাধ্যমে প্রকাশ কৰিছে যে তামিলনাডু, পঞ্জাব, গুজৰাট, মহাৰাষ্ট্র, পশ্চিমবংগ, কর্ণাটক, বিহাৰ, তেলেংগানা আৰু অন্ধ্রপ্রদেশৰ পৰা বেংকসমূহত আটাইতকৈ বেছি উত্তৰাধিকাৰীহীন টকা একাউণ্টত পৰি আছে৷

আৰ বি আয়ে উল্লেখ কৰা অনুসৰি বেংকৰ জৰিয়তে গ্রাহকসকলৰ মাজত সচেতনতা সৃষ্টি কৰা হৈছে যদিও উত্তৰাধিকাৰীহীন জমা ধনৰ পৰিমাণ সদায় বৃদ্ধি পাই আছে৷ এই বৃহৎ অংকৰ ধনৰাশি এনেয়ে পৰি থকাৰ ফলত বেংকিং ব্যৱসায়তো প্রতিকূল প্রভাৱ পৰিছে৷

You might also like