নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাৰ নাগালেণ্ড সীমান্তৰ কাকডোঙা নৈত অবাধ খনন; বন বিভাগৰ অভিযানত জব্দ চোৰাং বালিভৰ্তি ট্ৰেক্টৰ

নিয়মীয়া বাৰ্তা,  ২২ আগষ্ট : চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তত যোৰহাট আৰু গোলাঘাট জিলাক ভাগ কাকডোঙা নৈত একাংশ অসাধু বালি বেপাৰে দিনে ৰাতি অবৈধ খনন অব্যাহত ৰখাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। আজি পুৱাতে নগাবাটস্থিত পানীখেতি আৰক্ষী চকীৰ অন্তৰ্গত কাকডোঙা নৈত তিতাবৰৰ বন বিভাগে চলোৱা অভিযানত চোৰাং বলিভৰ্তি এখন ট্ৰেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়। ট্ৰেক্টৰখনৰ নম্বৰ এ এচ ০৩ বি চি ৯০৬৯ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বন বিভাগৰ নীতি নিয়মক সম্পূৰ্ণৰূপে অবজ্ঞা কৰি ক’লাজানৰ এজন যুৱকে নৈখনত দীৰ্ঘদিনৰ পৰা অবৈধভাৱে বালিৰ অবাধ খনন অব্যাহত ৰাখিছিল। নীতি বহিঃভূত এনে কাৰ্যৰ ফলত নৈখনৰ গতিপথত গুৰুতৰ ব্যাঘাত জন্মাৰো ৰাজহুৱা অভিযোগ উঠিছিল। ইফালে অসম-নাগালেণ্ড সীমান্তৱৰ্তী নগাবাট, বৰহোলা, বেকাজান অঞ্চলৰ মাজেৰে কিছুদিনৰ পৰা একাংশ বেপাৰীয়ে নথিপত্ৰ বিহীন বালিৰ গাড়ী সৰবৰাহ কৰি থকাৰ অভিযোগে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে আজি তিতাবৰৰ বন বিষয়াৰ নেতৃত্বত চলা অভিযানত অবৈধভাৱে বালি কঢ়িওৱা এখন ট্ৰেক্টৰখন জালত পৰে। কেইটামান টকাৰ বাবে নীতি বহিঃভূতভাৱে এখন নৈ খনন কৰিবলৈ কুণ্ঠাবোধ নকৰা এনেবোৰ বেপাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ বন বিভাগক সীমান্তৰ সচেতন মহলে আহ্বান জনাইছে।

You might also like