নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰত মহানগৰীৰ ৰাজপথত চিএনজি ষ্টাৰ বাছৰ সেৱা

নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ: অচিৰেই গুৱাহাটী মহানগৰীত উপলদ্ধ হ’ব চি এন জি Compressed natural gas) যাত্রীবাহী বাছ সেৱা৷ পেট্ৰ’ল, ডিজেল অবিহনে অর্থাৎ গেছৰ সহায়ত চলিব এই চি এন জি বাহনসমূহ৷ অত্যাধুনিক টেকন’লজীসমৃদ্ধ এই বাহনখন প্রদূষণমুক্ত হোৱাৰ লগতে থাকিব শীত–তাপ নিয়ন্ত্রণ ব্যৱস্থাপনা৷ উপলব্ধ থাকিব চিচি টিভিৰ সেৱাও৷ সমান্তৰালকৈ যাত্রীৰ সুৰক্ষাৰ বাবে থাকিব কেতেবাৰ সা–সুবিধাও৷ ইতিমধ্যে অসম চৰকাৰে এ এছ টি চি বাছসমূহৰ পৰিৱর্তে উন্নতমানৰ চি এন জি ষ্টাৰ বাছৰ প্রচলনৰ বাব সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই অনুসৰি সদ্যহতে হিঃৰাজ্যৰ পৰা ইতিমধ্যে আমদানি কৰা হৈছে ১০০খন চি এন জি ষ্টাৰ বাছ৷ তমান এই বাছসমূহ চাংসাৰিত পার্কিঙত ৰখাই থোৱা হৈছে৷ এনে প্রেক্ষাপটলৈ লক্ষ্য কৰিলে ডিচেম্বৰতে যাত্রীৰ বাবে চলাচলৰ ব্যৱস্থা কৰিব বুলি আশা কৰা হৈছে৷ অৱশ্যে ৰে’লযোগে অনাৰ পথত কোনো অজ্ঞাত ঠাইত দুষ্কৃতিকাৰীয়ে শিল নিক্ষেপ কৰাত ইয়াৰে ১০/১২খন চি এন জি  বাহনৰ গ্লাছৰ ক্ষতিসাধন হোৱাত  সেইসমূহ মেৰামতি কৰিহে চলাচলৰ সুবিধা কৰিব পৰা যাব৷ পৰৱর্তী সময়ত আৰু ১০০খন চি এন জি বাহন অনা হ’ব বুলিও এক সূত্রই জানিবলৈ দিছে৷

মন কৰিবলগীয়া যে অসম চৰকাৰৰ পৰিবহণমন্ত্রী পৰিমল শুক্লবৈদ্যই যোৱা ৫ আগষ্টত শোণিতপুৰ জিলাত অনুষ্ঠিত চৰকাৰী এক গুৰুত্বপূর্ণ বৈঠকত ঘোষণা কৰা অনুযায়ী ২০২৫ চনৰ পিছত এ এছ টি ছিৰ পৰিৱর্তে একমাত্র ইলেক্ট্রিক বাছ সেৱাহে উপলব্ধ কৰিব অসম ৰাজ্যিক পৰিবহণ নিগমে৷

You might also like