নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্গোৎসৱৰ সময়ত দুর্ঘটনা–অঘটনঃ ৰাজ্যৰ ভিন্ন প্রান্তত প্রাণ গ’ল ৯জনৰ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: শাৰদীয় দুর্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে মহাষ্টমীৰ সন্ধিয়াই গোৱালপাৰা জিলাৰ লেলাত ১৭ নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হ’ল এটি শোকাৱহ পথ দুর্ঘটনা৷ এই দুর্ঘটনাত ৩জনকৈ যুৱক নিহত হোৱাৰ লগতে আহত হয় এজন৷ এখন স্ক’ৰপিঅ’ আৰু ট্রাক এখনৰ মাজত হোৱা মুখামুখি সংঘর্ষৰ ফলতে এই শোকাৱহ দুর্ঘটনাটো সংঘটিত হয়৷

জানিব পৰা মতে, ১৭ নং ৰাষ্ট্রীয় ঘাইপথৰ দুধনৈৰ লেলাত এল্ট’ গাডী এখনক অতিক্রম কৰিবলৈ লোৱাৰ সময়তে দ্রুতবেগী এ এছ–১৮ ডি ৬৯৫৭ নম্বৰৰ স্ক’ৰপিঅ’ গাডীখন গুৱাহাটীৰ দিশলৈ গৈ থকা এম এল–০৮বি ০৪৮৫ নম্বৰৰ ট্রাকখনৰে মুখামুখি সংঘর্ষত পতিত হয়৷ দুধনৈৰ পৰা কৃষ্ণাই অভিমুখে গৈ থকা এ এছ ১৮ ডি ৬৯৫৭ নম্বৰৰ স্ক’ৰপিঅ’খনে প্রচণ্ড জোৰে ট্রাকখনত খুন্দা মাৰে৷

দুর্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে স্ক’ৰপিঅ’খন ধ্বংসস্তূপত পৰিণত হয়৷ ভয়ংকৰ এই সংঘর্ষত স্ক’ৰপিঅ’ত থকা ২জন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন ২জন গুৰুতৰভাৱে আহত হয়৷ ইয়াৰে আন এজনৰ পিছত গোৱালপাৰাৰ চলেছ হাস্পতালত মৃত্যু ঘটে৷ নিহত যুৱক তিনিজন হৈছে ক্রমে কৃষ্ণাই জ্যোতিনগৰৰ বিক্রম সাহা, দুর্জাবাডীৰ ঋষভ গুহ আৰু বাবুপাৰাৰ শান্তু দে’৷

You might also like