নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞা সংগ্রহালয় স্থাপনক লৈ মাজুলীত তীব্র প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা সংগ্রহালয় স্থাপনৰ বাবে কংগ্রেছী বিধায়ক শ্বেৰমান আলী আহমেদে দাঙি ধৰা প্রস্তাৱক লৈ জাঙুৰ খাই উঠিছে মাজুলী সত্র সমাজ৷ অসমীয়া জাতীয় জীৱনৰ সাধক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ নামেৰে স্থাপিত ৰাজ্যৰ অন্যতম সাংস্কৃতিক পীঠস্থানখনত মিঞা সংগ্রহালয় স্থাপনক লৈ দিয়া প্রস্তাৱক তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে শ্রীশ্রীআউনীআটী সত্রৰ সত্রাধিকাৰ শ্রীশ্রীপীতাম্বৰ দেৱগোস্বামীয়ে৷

সত্রাধিকাৰগৰাকীয়ে কয়– গুৰুজনাৰ নামত স্থাপন হোৱা শংকৰদেৱ কলাক্ষেত্রখনেই সকলো জাতি, জনগোষ্ঠী, ভাষা–ভাষী, সকলো ধর্মকে প্রতিনিধিত্ব কৰে৷ সেই মহান ক্ষেত্রখনক বেলেগ বেলেগ কৰাৰ মানসিকতাৰ আমি অর্থ নাপাওঁ৷ অসমত খিলঞ্জীয়া মুছলমান আছে, খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকল আছে, আমাৰ সত্রীয়া সংস্কৃতি আছে, নামঘৰৰ সংস্কৃতি আছে, এই সকলো সংস্কৃতিৰ আধাৰ হ’ল শ্রীমন্ত শংকৰদেৱ আৰু এই সকলো সংস্কৃতিৰ মিলনতহে অসমীয়া সংস্কৃতি পৰিস্ফূট হৈছে৷ সকলো জাতি–জনগোষ্ঠী–ধর্ম প্রতিনিধিত্ব কৰা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র থকাৰ পাছত আমি সুকীয়া সুকীয়াকৈ সংগ্রহালয় বিচৰাৰ অর্থ নাই৷ গুৰুজনাই কোনো কাহানিও কাৰো মাজত বিভেদৰ ধাৰণা শিকোৱা নাছিল৷

You might also like