নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান আৰক্ষীৰ জালত গাড়ী দালাল চক্ৰত জড়িত অনুষ্কা

নিয়মীয়া বাৰ্তা, ১৭ জুন — কোন এই অনুষ্কা ? দুলীয়াজান আৰক্ষীৰ জালত পৰা অনুষ্কাৰ প্ৰকৃত পৰিচয় কি ? ৰ’ব, আপুনি ভুল নুবুজিব । এইগৰাকী অনুষ্কা ক্ৰিকেটাৰ বিৰাট কোহলীৰ পত্নী নহয় অথবা চিনেমাৰ হিৰ’ইনো নহয়। তেওঁ গাড়ী দালাল চক্ৰৰ লগত জড়িত এগৰাকী খলনায়িকা। উজনিৰ গাড়ী দালাল চক্ৰৰ খলনায়ক অভিযুক্ত পাপু কামালৰ কু-কীৰ্তিয়ে সমগ্ৰ অসম জোকাৰি যোৱাৰ এবছৰ নৌহওঁতেই পুনৰ আৰক্ষীৰ জালত পৰিল এইগৰাকী মহিলা । অত্যন্ত চতুৰ সম্পন্ন এই মহিলাগৰাকীক আৰক্ষীয়ে বিগত মাহ মাহ ধৰি অনুসৰণ কৰি আহিছিল যদিও আৰক্ষীৰ জালত পৰা নাছিল অনুষ্কা। বিভিন্ন কূট-কৌশলেৰে আৰক্ষীৰ চকুত ধূলি দি গা-বচাই চলিছিল যদিও অৱশেষত আজি দুলীয়াজান আৰক্ষীয়ে দুলীয়াজান আনন্দপাৰা থাপা বস্তিৰ নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল অনুষ্কা জেইচীক । প্ৰায় ১২ বছৰীয়া এগৰাকী কন্যা সন্তানৰ মাতৃ অনুষ্কা জেইচীয়ে বিগত বহু বছৰ পৰাই গাড়ী ব্যৱসায়ত নামি বিভিন্ন জনক বিভিন্ন প্ৰতিষ্ঠানত গাড়ী স‌ংস্হাপনৰ প্ৰলোভনেৰে নিবনুৱাৰ ধন শৰাধ কৰি অহাৰ অভিযোগ উত্থাপিত । গাড়ী দালাল চক্ৰটোৰ খলনায়ক অভিযুক্ত পাপু কামালৰ পন্হাৰে এইগৰাকী অনুষ্কাই গাড়ী ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছিল। সেই সময়ত আৰক্ষীয়ে পাপু কামালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও আৰক্ষীয়ে সন্দেহৰ আৱৰ্তত ৰাখিছিল এইগৰাকী অনুষ্কা জেইচীক। অভিযোগ অনুসৰি অনুষ্কাই বহু নিবনুৱা যুৱকক তেওঁলোকৰ ব্যক্তিগত গাড়ীসমূহ অইল-অ’এনজিচিৰ দৰে লাভজনক প্ৰতিষ্ঠানত সংস্হাপিত কৰাৰ প্ৰতিশ্ৰুতিৰে ধনৰ লেনদেন কৰিছিল । এইক্ষেত্ৰত নিবনুৱা সকলক ভুৱা চেক প্ৰদান কৰিছিল অনুষ্কাই । চতুৰ অনুষ্কাই দুলীয়াজানৰ বাসিন্দা হৈ দুলীয়াজানৰ পৰা আঁতৰি মাৰ্ঘেৰিটা-ডিগবৈৰ দৰে চহৰত গাড়ী বেপাৰত নামি তাৰেই বিভিন্নজনৰ লগত যোগসূত্ৰ ৰক্ষা কৰি চলিছিল আৰু দুষ্টচক্ৰৰ সৈতে মিলি গাড়ীসমূহ আদান-প্ৰদান কৰিছিল। অৱশেষত মাৰ্ঘেৰিটাৰ যুগদীপন শৰ্মা নামৰ ভুক্তভোগী যুৱক এজনে বিগত ৫ জুনত ডিব্ৰুগড় আদালতত প্ৰৱঞ্চনাৰ অভিযোগ তুলি অনুষ্কা জেইচীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আদালতৰ নিৰ্দেশ অনুসৰি দুলীয়াজান আৰক্ষীয়ে সন্দেহৰ আৱৰ্তত ৰখা পলাতক জেইচীক অনুসৰণ কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল । ইতিমধ্যে তদন্তকাৰী আৰক্ষী বিষয়া উপ পৰিদৰ্শক হৰেন বৰুৱাই অনুষ্কাৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষী থানাত ১১২/২২ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি / ৪২০/৪০৮ ধাৰাৰ অধীনত ডিব্ৰুগড় আদালতত হাজিৰ কৰাই তিনিদিনৰ বাবে আৰক্ষীৰ জিন্মাত বিচাৰে অভিযুক্তক। এই সময়চোৱাত অভিযুক্ত অনুষ্কা জেইচীৰ পৰা গাড়ী চক্ৰটোৰ সন্দৰ্ভত অধিক তথ্য সংগ্ৰহ কৰিব পাৰিব বুলি সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে। আনহাতে এইগৰাকী অনুষ্কাৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰু ডিগবৈ থানাতো বিভিন্নজনে গোচৰ ৰুজু কৰা বুলি আৰক্ষীৰ ভাষ্যত প্ৰকাশ ।

প্ৰেৰকঃ কৃষ্ণা গগৈ

You might also like