নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অগ্নিপথ’ৰ বাবে অগ্নিগৰ্ভা পৰিৱেশঃ কেন্দ্ৰৰ প্ৰথমটো আপোচ

বিশেষ বাৰ্তা, ১৭ জুনঃ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা সেনাৰ বাবে নতুন নিযুক্তি আঁচনিৰ বিৰুদ্ধে সাতখন ৰাজ্যত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। মঙলবাৰে কেন্দ্ৰই ঘোষণা কৰিলে হ্ৰস্বম্যাদী “অগ্নিপথ” আঁচনি। ইয়াৰ পাছতে প্ৰায় তৎক্ষণাত সমগ্ৰ দেশতে বিক্ষোভৰ সৃষ্টি হয়। বিহাৰত কমেও ৩০খন ৰে’ল আক্ৰমণ কৰিছে আৰু বিহাৰৰ দৰে ৰাজ্যৰ বিজেপিৰ কাৰ্যালয়ত ধুমুহাৰ সৃষ্টি হৈছে। হিংসাত্মক পৰিস্থিতি তৃতীয় দিনত প্ৰৱেশ কৰাৰ লগে লগে গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি কয় যে- যোৱা দুবছৰ ধৰি কভিড মহামাৰীৰ বাবে সেনাবাহিনীত নিযুক্তি প্ৰক্ৰিয়া প্ৰভাৱিত হৈছিল। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অগ্নিপথ আঁচনিত যুৱকসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি সংবেদনশীল হৈ প্ৰথম বছৰত বয়সৰ সীমা দুবছৰৰ ৰেহাই দিছিল, ২১ বছৰৰ পৰা ২৩ বছৰলৈ। এই পদক্ষেপ গ্ৰহণ কৰাটো এটা স্পৰ্শকাতৰ সিদ্ধান্ত। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভৰ পৰিপ্ৰেক্ষিতত আঁচনিখনক লৈ প্ৰথমটো ডাঙৰ সিদ্ধান্ত লৈছে। অগ্নিপথ আঁচনিৰ জৰিয়তে হ্ৰস্বম্যাদী সামৰিক নিযুক্তি প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰা হৈছে। যিসকলে যোগ্যতা অৰ্জন কৰিব তেওঁলোকে চাৰি বছৰ সেৱা আগবঢ়াব।

You might also like