দেশৰ সকলো বিমান বন্দৰতে আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰীক ক’ভিড টেষ্ট কৰাৰ জৰুৰী নিৰ্দেশনা!
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ: দেশৰ সকলো বিমান বন্দৰতে আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰীক ক’ভিড টেষ্ট কৰাৰ জৰুৰী নিৰ্দেশনা।এতিয়াৰে পৰা বিদেশ ৰাষ্ট্ৰৰ পৰা অহা কোনো যাত্ৰীয়ে ক’ভিড টেষ্ট নকৰাকৈ ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব।এই জৰুৰী নিৰ্দেশনা দেশৰ অসামৰিক বিমান মন্ত্ৰনালয়ৰ।
পুনৰ ভয়াবহৰূপত আহিছে ক’ভিড মহামাৰী।প্ৰতিবেশী ৰাষ্ট্ৰ চীন মহাদেশত অতিমাৰী ক’ভিডে ভয়ংকৰ ৰূপত সংক্ৰমন হোৱাত ভাৰতেও এই ক্ষেত্ৰত এতিয়াৰে পৰা যথেষ্ট সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।দিল্লীত এজন ব্যক্তিৰ ক’ভিডত মৃত্যু হোৱাৰ পাছত চাৰিগৰাকীকৈ লোক ক’ভিডৰ নতুন ভেৰিয়েন্টত আক্ৰান্ত হোৱাত সমগ্ৰ দেশক সস্তম কৰি তুলিছে কেন্দ্ৰীয় গৃহ আৰু অসামৰিক মন্ত্ৰনালয়ে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে সকলো ৰাজ্যক সৰ্তক হৈ থাকিবলৈ নিৰ্দেশ দিছে যদিও,এই পৰ্যন্ত কোনো নিদিষ্ট এচঅ’পি ঘোষণা কৰা হোৱা নাই।অৱশ্যে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা,নিৰাপদ দুৰত্ব বজাই ৰাখি ভ্ৰমন কৰিবলৈ সাধাৰণ জনতাক কেন্দ্ৰ চৰকাৰৰ পৰা আহবান জনোৱা হৈছে।অসমতো এই পৰ্যন্ত কোনো ব্যক্তি চিনাক্ত হোৱা নাই যদিও স্বাস্থ্য বিভাগ সস্তম আৰু সজাগ হৈ পৰিছে।এই ক্ষেত্ৰত ডিব্ৰুগড়ৰ মহকুমা স্বাস্থ্য বিষয়া(সদৰ)ডাঃ নৱজ্যোতি গগৈয়ে আজি ‘নিয়মীয়া বাৰ্তা’ক কয় যে চীন বা আন দেশত ক’ভিড ভাইৰাচৰ যিকেইটা ভেৰিয়েন্ট ওলাইছে,হয়তো আমাৰ দেশতো প্ৰভাৱ পেলোৱাৰ অৱকাশ নথকা নহয়।ইমানদিনে ৰোগটোৰ ওপৰত যি গৱেষণা চলিছে,বিশেষকৈ অমিক্ৰন ভেৰিয়েন্টৰ বিএফ ৭; এ কিউ ১ৰ আমেৰিকা,জাপানত সংক্ৰমণ বাঢ়িছে।বিএফ ৭ চীনৰ লগতে ভাৰততো ধৰা পৰিছে।যদিও বিএফ ৭, এইপৰ্যন্ত ভাৰতত সংক্ৰমিত হোৱা নাই।চীনৰ যি লক ডাউন পলিচি,সেয়া খুউব কঠোৰ।তেনেধৰণৰ লক ডাউন ভাৰতত হোৱা নাই বুলি উল্লেখ কৰি চিকিৎসক ডাঃ গগৈয়ে কয়– এটা কথা মন কৰিব লাগিব যে যি সময়ত ক’ভিডৰ সংক্ৰমণ ভয়াবহভাবে হৈ আছিল,সেই সময়ত কিন্তু চীনৰ পৰা বিদেশলৈ বিমান চলাচল কৰি আছিল।সেই সময়ত চীনে ক’ভিড সংক্ৰমণ হোৱা এখন প্ৰভিঞ্চেচৰ পৰা আন এখন প্ৰভিঞ্চলৈ বিমান চলাচল তাৎক্ষণিকভাবে বন্ধ কৰিছিল।অৰ্থাৎ জিৰ’ লক ডাউন পলিচি প্ৰয়োগ কৰিছিল।সেইকাৰণে চীনত লক ডাউন খোলাৰ লগে লগে সংক্ৰমণ বাঢ়িছিল আৰু লক ডাউন বন্ধ কৰাৰ লগে লগে সংক্ৰমণ প্ৰতিৰোধ হৈছিল।আমাৰ দেশত তেনে হোৱা নাছিল।ভাৰতত ভেকচিনেচন আৰু নেচাৰেল ইনফেকচন একেলগেই হল।ইয়াত ইমান কঠোৰ লক ডাউন হোৱা নাছিল।সেয়ে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা(ইমিউনিটি) অলপ হলেও আছে।ইমান সোনকালেই পুনৰ ক’ভিডে আক্ৰমণ কৰিব নোৱাৰিব বুলি চিকিৎসা বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে জানিবলৈ দি পুনৰাই কয় যে এতিয়াই মানুহ ইমান আতংকিত বা ভয় কৰিবলগীয়া বিশেষ একো নাই।কেৱল সৰ্তক আৰু সাৱধানতা অৱলম্বন কৰিলেই হাত সাৰিব পৰা যাব।অৱশ্য ২৪ ঘন্টাই মাস্ক পিন্ধি থাকিলেই, ক’ভিডৰ পৰা ১০০ শতাংশ হাত সাৰিব নোৱাৰিব।এই মাস্কবিলাকৰো এক নিদিষ্ট সময়সীমা থাকে।প্ৰতি তিনি ঘন্টাৰ বিৰতিত মাস্ক সলনি কৰাও সম্ভৱ নহয়।কিয়নো,ই হব যথেষ্ট ব্যয়বহুল।সেয়ে হাত সঘনাই ধোৱা,মুখমণ্ডল চাফা কৰি ৰখা আৰু কোনো ৰোগীৰ পৰা নিজকে নিৰাপদ দুৰত্ব বজাই ৰখাতোৱেই হব প্ৰধান কাম।
শিশুসকলৰ ক’ভিড হোৱা প্ৰসংগক লৈ ডাঃ গগৈয়ে কয় যে বিগত সময়ছোৱাত বহু শিশু ক’ভিডত আক্ৰান্ত হৈছে।যিটো নেকি গৱেষণাত ইতিমধ্যেই প্ৰমাণিত হৈছে।শিশু সকলৰ প্ৰাকৃতিকভাবে শাৰীৰিক প্ৰতিৰোধ ক্ষমতা বেছি বাবেই তেওঁলোক ভেকচিন নোলোৱাকৈয়ে বহু ক্ষেত্ৰত আৰোগ্য লাভ কৰিছে।ক’ভিডৰ তৃতীয় বুষ্টাৰ ড’জটো লোৱাটো খুবেই জৰুৰী বুলি উল্লেখ কৰি ভেকচিনৰ বাদে এতিয়ালৈ এই ৰোগ প্ৰতিৰোধৰ বাবে কোনো বিকল্প ব্যৱস্থা
ওলোৱা নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিশিষ্ট চিকিৎসক তথা ক’ভিডৰ নডেল বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে।সম্ভাব্য সৰ্তকতাৰ বিষয়ে উল্লেখ কৰি কয় যে মাস্কখন কেৱল ক’ভিড বুলিয়েই নহয়,যিকোনো শ্বাস-প্ৰশ্বাস জনিত ৰোগৰ সংক্ৰমণ নহবৰ বাবেও মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।এতিয়াও ৰাজ্যখনত বিভিন্ন ভাইৰাচ সংক্ৰমণ হৈয়ে আছে।ইনফ্লুৱেঞ্জা, ‘এ’ ভাইৰাচ শিশু সকলৰ মাজত বিয়পি আছে।তাৰ মাজতো আৰোগ্য হৈ আছে।সেয়ে যি সকল বিশেষকৈ জ্বৰ,কাঁহ,ইনফ্লুৱেঞ্জা, টিবি বা নিউমোনিয়া আদি শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত,তেনে ৰোগীয়ে মাস্ক পৰিধান কৰি নিজকে সুৰক্ষিত কৰাৰ লগতে আন দহজনকো সুৰক্ষিত কৰি ৰাখিবলৈ পৰামৰ্শ আগবঢ়াই বিশিষ্ট চিকিৎসক তথা মহকুমা স্বাস্থ্য বিষয়া(সদৰ) ডাঃ নৱজ্যোতি গগৈয়ে লগতে এই বিষয়ত জনগণৰ মাজত আতংক নিবিয়পাবলৈকো আহবান জনায়।আনহাতেদি ক’ভিডৰ সংক্ৰমনৰ সম্ভাব্যৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণ পুনৰ লক ডাউনৰ দৰে কঠোৰ স্থিতিৰ সন্মুখীন যে হব লাগিব সেয়া প্ৰায় সুনিশ্চিত হৈ পৰিছে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।