নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনৰ বিনিময়ত যুৱক–যুৱতীক বৃদ্ধ পেন্সন

ৰূপহীহাটৰ হাতীপুখুৰী পঞ্চায়তত ব্যাপক দুর্নীতি

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ  নগাঁও জিলাৰ ৰূপহীহাট উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তত বৃদ্ধ পেন্সন আঁচনিক কেন্দ্র কৰি ব্যাপক দুর্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ উন্নয়ন খণ্ডটোৰ অন্তর্গত হাতীপুখুৰী গাঁও পঞ্চায়তত উক্ত আঁচনিৰ নামত বিভিন্ন কম বয়সীয়া লোকৰ পৰা মোটা অংকৰ ধন লৈ গাঁও পঞ্চায়তৰ সমন্বয়কজনে অসংখ্য লোকক বৃদ্ধ পেন্সন প্রদানৰ তথ্য পোহৰলৈ আহিছে৷ দুর্নীতিৰ ক্ষেত্রত শূন্য সহনশীলতাৰ কথাৰে ক্ষমতা দখল কৰা সর্বানন্দ সোণোৱাল চৰকাৰৰ দিনত দুর্নীতি হ্রাস পোৱাৰ বিপৰীতে গ্রামাঞ্চলত শোষণ যে দুগুণে বৃদ্ধি পাইছে তাৰেই উদাহৰণ হাতীপুখুৰী গাঁও পঞ্চায়তৰ এই অদ্ভুত কাণ্ড৷ পঞ্চায়তখনৰ সমন্বয়ক নিপুমণি শইকীয়াই বৃদ্ধ পেন্সনৰ নামত হাতীপুখুৰীত মুকলি বজাৰ আৰম্ভ কৰি চৰকাৰৰ শূন্য সহনশীল নীতিকংগুষ্ঠ প্রদান কৰা বিষয়টোত সম্পূর্ণ নীৰৱ ভূমিকা পালন কৰিছে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে ৷ কাৰ আশিসত এইগৰাকী সমন্বয়কে একাধিক কম বয়সীয়া ব্যক্তিক বৃদ্ধ পেন্সন আঁচনি প্রদান কৰিছে, সেয়া গুৰুত্বপর্ণ বিষয় হিচাপে পৰিগণিত হৈছে ৷ ইফালে, পূর্বৰ কংগ্রেছৰ শাসনৰে পৰা দুর্নীতিৰ ভূস্বর্গ হিচাপে পৰিচিত নগাঁৱৰ এই উন্নয়ন খণ্ডত সম্প্রতি শাসকীয় দলৰ একাংশ নেতা–পালিনেতাৰ দপদপনিতে দুর্নীতিয়ে চৰম সীমা অতিক্রম কৰাৰ অভিযোগ উঠি আহিছে৷ হাতীপুখুৰীৰ উক্ত কাণ্ডৰ উপৰি শাসকীয় দল বিজেপিৰ একাংশ নেতা–পালিনেতাই চৰকাৰী আঁচনিৰ নামত সোঁ–বাঁৱে ধন ঘটাত লাগি পৰা অভিযোগ উত্থাপন হৈছে৷ উন্নয়ন খণ্ডটোত চলি থকা ব্যাপক দুর্নীতি সন্দর্ভত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

You might also like