নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত নিকন ইণ্ডিয়াৰ নতুন এক্সপিৰিয়েন্স জ’ন মুকলি

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ টকিঅ’ৰ নিকন কর্প’ৰেচনৰ সহযোগী নিকন ইণ্ডিয়াই  বৃহস্পতিবাৰে গুৱাহাটীত মুকলি কৰে তৃতীয়তো এক্সপিৰিয়েন্স জ’ন৷ মহানগৰীৰ লাখটকীয়াৰ ব্রাহ্ম  সমাজ কমপ্লেক্সৰ জে পি কর্প’ৰেচনত এই নতন জ’নটো মুকলি কৰে পৰিচালন সঞ্চালক সঞ্জীৱ কুমাৰ আৰু ইমাজিং ডিভিজনৰ ভাইচ প্রেছিডেণ্ট জিতেন্দৰ চাগে৷ উপভোক্তা আৰু ব্রেণ্ডৰ মাজৰ অসামঞ্জস্য দূৰ কৰি উপভোক্তাৰ বর্ধিত প্রয়োজনীয়তাক উপলব্ধি কৰি নিকন ইণ্ডিয়াই এনে জ’ন মুকলি কৰিছে৷ গ্রাহকক এনে নতুন জ’নে নতুন অভিজ্ঞতা প্রদান কৰিব বুলি পৰিচালন সঞ্চালক সঞ্জীৱ কুমাৰে প্রকাশ কৰিছে৷

You might also like