নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত অমৃত কানন পাৰ্ক আৰু কলং নদীৰ ওপৰত দলং উদ্বোধন মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হয় নগাঁৱত। দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষ উদযাপনৰ অংশস্বৰূপে নগাঁও পৌৰসভাই নিৰ্মাণ কৰা অমৃত কানন উদ্যানখন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৪২৮ বৰ্গ মিটাৰ এলেকা আৱৰি থকা এই উদ্যান মুঠ ৩১ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।

ইয়াৰ লগতে NABARD-RIDF-XXIV আৰু ‘মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযান’ৰ অধীনত নগাঁও আৱৰ্ত ভৱনৰ সমীপৰ নৱনিৰ্মিত দলংখনো আজি উদ্বোধন কৰা হয়৷ মুঠ ১২.৩৫ কোটি টকা ব্যয়েৰে কলং নৈৰ ওপৰত নিৰ্মাণ কৰা ১১৮.৮৪ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনে যান-জঁটৰ সমস্যা হ্ৰাস কৰাৰ লগতে নগাঁৱৰ যাতায়াত ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে।

You might also like