নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনি মাজুলী শাখা সাহিত্য সভাৰ উদ্যোগত প্ৰথমখন গ্ৰন্থ প্ৰকাশ

শিক্ষাবিদ ডঃ কমলাকান্ত দত্তৰ জীৱনী গ্ৰন্থ 'প্ৰাৰম্ভ আৰু প্ৰাপ্তি' উন্মোচন

নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ উজনি মাজুলী শাখা সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথমখন গ্ৰন্থ আজি উন্মোচন কৰা হয়। বিশিষ্ট শিক্ষাবিদ জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বৰ্তমানৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ কমলাকান্ত দত্তৰ জীৱনী গ্ৰন্থ ‘প্ৰাৰম্ভ আৰু প্ৰাপ্তি’ উন্মোচন কৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ কুমাৰ ফুকনে। আজি দিনৰ ২ বজাৰ পৰা নতুন বজাৰস্থিত উজনি মাজুলী শাখা সাহিত্য সভাৰ প্ৰসঙ্গত শাখা সাহিত্য সভাৰ সভাপতি গিৰিধৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখন আঁত ধৰে উজনি মাজুলী শাখা সাহিত্য সভাৰ সম্পাদক তীৰ্থ শইকীয়াই। শাখা সাহিত্য সভাৰ উপদেষ্টা ডিম্বেশ্বৰ খনিকৰে বন্তি প্ৰজ্বলন কৰাৰ পিছতে উজনি মাজুলী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্রী সকলে পৰিৱেশন কৰা সমবেত সংগীতৰ অন্তত মুল সভা আৰম্ভ হয়। উন্মোচক দিলীপ কুমাৰ ফুকনে একালৰ সতীৰ্থ ডঃ কমলাকান্ত দত্তৰ জীৱনী গ্ৰন্থখন উন্মোচন কৰি জীৱনৰ ব্যস্ততাৰ মাজতো এনে এখন গ্ৰন্থ ৰাইজক উপহাৰ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে জীৱনৰ তিতা-মিঠা অভিজ্ঞতাৰে পৰিপূৰ্ণ গ্ৰন্থ খনে সকলোকে উপকৃত কৰিব বুলি মন্তব্য কৰে। সভাত উপস্থিত থাকি দ্বিভাষিক মাজুলীত কবিতা আলোচনীৰ সম্পাদক জয়ন্ত হাজৰিকাই শিক্ষাবিদ গৰাকীৰ জীবনাদর্শৰ লগতে জীৱনী গ্ৰন্থখনত দুৰ্দান্ত সাহস, নিঃসংকোচ-নিৰ্ভৰনিঃসংকোচ-নিৰ্ভয়নিঃসংকোচ-নিৰ্ভৰনিঃসংকোচ-নিৰ্ভয়ে সন্নিৱিষ্ট কৰা প্ৰতিটো পৃষ্ঠাৰ পৰা নৱপ্ৰজন্মই গভীৰ অনুপ্ৰেৰণা আৰু আদৰ্শ লাভ কৰিব বুলি মন্তব্য কৰে। গ্ৰন্থ উন্মোচনী সভাখনিত উজনি মাজুলী শাখা সাহিত্য সভাৰ প্ৰায়সকল বিষয়ববীয়া, জেংৰাইমুখ মহাবিদ্যালয়ৰ প্ৰৱক্তা বিনোদ দাস নতুন বজাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচার্য দ্বীপেন হাজৰিকা, নেহৰু স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ বৰুৱাৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। সভাত উজনি মাজুলী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত পেগুৱে গীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে।

প্ৰেৰকঃ  ৰূপজ্যোতি বৰা নতুন বজাৰ

You might also like