নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত এখন বিদ্যালয়ক কন্টেইনমেন্ট জ’ন ঘোষণা মহকুমা প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ লগতে জোনাইতো দেখা গৈছে কৰুণাৰ তৃতীয়টো ঢৌ৷ জোনাই মহকুমা স্বাস্থ্য বিভাগে কৰুণাৰ পৰীক্ষা আৰম্ভ কৰাত আজি জোনাইৰ এখন বিদ্যালয়ক কন্টেইমেন্ট জন হিচাপে ঘোষণা কৰে মহকুমা স্বাস্থ্য বিভাগ আৰু মহকুমা প্ৰশাসনে৷ মহকুমাটোৰ জুৱলি মডেল হাইস্কুলৰ ৬৬ জন  ছাত্ৰ ছাত্ৰী পৰীক্ষা কৰাত ইয়াৰ ভিতৰত ২৭ গৰাকী শিক্ষাৰ্থীৰ গাত কভিড পজিটিভ ধৰা পৰে৷ যাৰ ফলত জোনাই মহকুমা প্ৰশাসনে উক্ত বিদ্যালয় খনক কন্টেইমেন্ট জন হিচাপে ঘোষণা কৰে৷

You might also like