নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত জিলা বিজেপিৰ বুথ সৱলীকৰণ কৰ্মশালা সম্পন্ন 

নিয়মীয়া বাৰ্তা,৩ মাৰ্চ:   ভাৰতীয় জনতা পার্টিৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি বিজেপি নলবাৰী জিলা কাৰ্য্যালয়ত আগন্তুক পঞ্চায়ত তথা লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বুথ সৱলীকৰণ অভিযানৰ এখন কৰ্মশালা অনুষ্ঠিত হয় ।

এই কৰ্মশালাখনত সমল ব্যক্তি হিচাবে উপস্থিত থাকে বুথ সাৱলীকৰণ অভিযানৰ ৰাজ্যিক সমিতিৰ দ্বাৰা নিযুক্ত নলবাৰী জিলাৰ প্ৰভাৰী তথা অসম ৰাজ্যিক পৰিবহন নিগমৰ উপাধ্যক্ষ প্ৰণৱ লহকৰ । ইয়াৰ লগতে সহ- প্ৰভাৰী তথা বিজেপি অসম প্ৰদেশৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মা সহ বিজেপি অসম ৰাজ্যিক সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, জিলা প্ৰভাৰী বিতোপন ৰাইদিহিংয়া উপস্থিত থাকে । কৰ্মশালাত ভাৰতীয় জনতা পার্টিৰ মূল ভেটি বুথ সমূহ চলিত মাৰ্চ মাহত ভিতৰত ৰাজ্যিক সমিতিয়ে নিৰ্ধাৰন কৰি দিয়া কাৰ্যক্ৰমৰ জৰিয়তে কি দৰে আৰু অধিক শক্তিশালী কৰিব পাৰি তাৰ ওপৰত পৰ্যালোচনা কৰা হয় ।

শ্বাহ আলম আহমেদ, নলবাৰী

You might also like