নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগৰিক সমাজৰ মৌন অৱস্থানত হোমেন বৰগোহাঞি হীৰেন গোহাঁই–ৰত্ন ওজা

‘কা’বিৰোধী আন্দোলনত ৰাজ্যৰ বৌদ্ধিক কাণ্ডাৰী

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ জাতীয় ইতিহাসৰ এটা বিৰল দিনৰ সাক্ষী হৈ ৰ’ল অসমবাসী৷ জাতিটোৰ সংকটকালত দেওবাৰে দল–মত নির্বিশেষে ৰাজপথলৈ ওলাল অসমৰ সমাজ জীৱনৰ অভিভাৱকসকল৷

অসম নাগৰিক সমাজৰ আহ্বানমর্মে মহানগৰীত ‘কা’বিৰোধী মৌন অৱস্থান ধর্মঘটত একত্রিত হ’ল অসমৰ বৌদ্ধিক জগতৰ প্রতিগৰাকী কাণ্ডাৰী৷

প্রথিতযশা কথাশিল্পী তথা ‘নিয়মীয়া বার্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞি, বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, যশস্বী শিল্পী–সমালোচক ৰত্ন ওজা, বিশিষ্ট লেখিকা ড০ অণিমা গুহ, প্রবীণ শিল্পী সুদক্ষিণা শর্মা, পুলক বেনার্জী, সমালোচক প্রভাত বৰা, কটন কলেজৰ প্রাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী, গল্পকাৰ অপূর্ব শর্মা, পৰিচালক কুলদা কুমাৰ ভট্টাচার্য, লেখক–সাংস্কৃতিক কর্মী দিলীপ কুমাৰ হাজৰিকা, বিশিষ্ট শিল্পী ননী বৰপূজাৰী, সাহিত্যিক লক্ষ্মীনন্দন বৰা, কবি সমীৰ তাঁতী, লেখক দেৱব্রত দাস, প্রাক্তন মন্ত্রী বেদব্রত বৰুৱা, অধ্যাপক দুলাল গোস্বামী, সমালোচক পৰমানন্দ মজুমদাৰ, ‘প্রান্তিক’ৰ সম্পাদক প্রদীপ বৰুৱা, অধিবক্তা অৰূপ বৰবৰা, লেখক প্রদীপ শইকীয়া, জ্ঞানেন বৰকাকতি, অভিনেতা মিৰেল কুদ্দুছ, শিক্ষাবিদ শ্রীনাথ বৰুৱা, অধ্যাপক আব্দুল মান্নান, উদয়ন মিশ্র, তিলোত্তমা মিশ্র, দীনেশ চন্দ্র গোস্বামী, ইন্দিবৰ দেউৰী, নীলিমা দত্ত চৌধুৰী, ৰমেশ চন্দ্র কলিতা, ৰণেন গোস্বামী, মৃণাল তালুকদাৰ, মাইনী মহন্ত, জীৱন নৰহ, অনুভৱ তুলসী, সদানন্দ পায়েং, বিজয় শংকৰ বর্মন, সমীৰ শংকৰ দত্ত, ‘দৈনিক অসম’ৰ কার্যবাহী সম্পাদক মুনীন বায়ন, ‘আমাৰ অসম’ৰ সম্পাদক প্রশান্ত ৰাজগুৰু, অসম নাগৰিক সমাজৰ সভাপতি হৰেকৃষ্ণ ডেকা, সাধাৰণ সম্পাদক পৰেশ মালাকাৰ, সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যকে ধৰি জাতীয় জীৱনৰ প্রতিগৰাকী গুৰুত্বপূর্ণ ব্যক্তিয়ে একেখন মঞ্চৰ পৰাই নাগৰিকত্ব সংশোধনী আইনৰ মুকলি বিৰোধিতা কৰিলে৷

প্রতিগৰাকী বিশিষ্ট বুদ্ধিজীৱী–লেখক–সাহ্ স্পষ্ট দাবী আছিল– শান্তিপূর্ণ–হিংস প্রতিবাদকাৰীৰ ওপৰত দমন–নিপীড়ন বন্ধ কৰক, অখিল গগৈ আৰু অন্যান্যসকলক শীঘ্রে বিনাচর্তে মুক্তি দিয়ক আৰু ‘কা’বিৰোধী আন্দোলনৰ শ্বহীদসকলৰ মৃত্যুৰ ন্যায়িক তদন্ত আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰক৷

এই ঐতিহাসিক প্রতিবাদী কার্যসূচীত ভাষণ প্রদান কৰি বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে কয় যে উৎকণ্ঠাৰ উত্তৰ বিচাৰি নাপালে মানুহ মৌন হৈ পৰে৷ এই মৌনতাও প্রতিবাদৰে ভাষা৷ কিন্তু এই শান্তিপূর্ণ মৌন প্রতিবাদস্থলীত বৃহৎসংখ্যক আৰক্ষী–র্ধসামৰিক বাহিনীৰ নিয়োগে চৰকাৰখনৰ দমন নীতিকে প্রতিফলিত কৰে৷

এইদৰেই মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্রত দেওবাৰে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ মৌন অৱস্থান ধর্মঘট কার্যসূচীৰ জৰিয়তে ‘কা’বিৰোধী প্রতিবাদত এক নতুন অধ্যায়ৰ সংযোজন ঘটায়৷

You might also like