নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিচাযুক্ত ঔষধৰ ব্যবসায়ত এম্বুলেঞ্চ ব্যবহাৰঃ গ্ৰেপ্তাৰ৩

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ নগাঁও আৰক্ষীয়ে নিচাযুক্ত ঔষধ তথা ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই থকাৰ বিপৰীতে ব্যবসায়ীয়ে নিত্য-নতুন কৌশল অৱলম্বন কৰি নগাঁও জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যবসায় চলাই আহিছে। শেহতীয়া ভাবে নগাঁৱত ড্ৰাগছ ব্যবসায়ীয়ে ৰোগী কঢ়িওৱা এম্বুলেঞ্চ ব্যৱহাৰ কৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যবসায় চলাই আহিছে। আজি নগাঁৱৰ আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ মহখুলিত অভিযান চলোৱাৰ সময়ত এই কথা পোহৰলৈ আহিছে। মহখুলিৰ চহিদুল হক আৰু তেওঁৰ পত্নী মামনি বেগমে আৰক্ষীৰ চকুত ধুলি দি নিচাযুক্ত ঔষধ আৰু ড্ৰাগছৰ এক মুকলি ব্যবসায় চলাই আহিছিল। চহিদুলে এম্বুলেঞ্চৰ জৰিয়তে ড্ৰাগছৰ ব্যবসায় চলাই অহাৰ বিপৰীতে চহিদুলৰ পত্নী মামনি বেগমে ঘুমটি দোকানত নিছা যুক্ত ঔষধৰ ব্যবসায় চলাই আহিছিল । স্বামী স্ত্ৰী দুয়ো মিলি নগাঁও চহৰতো ড্ৰাগছৰ ব্যবসায় চলাই আহিছিল । নগাঁও আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পিচতেই নগাঁও আৰক্ষীৰ এণ্টিনাৰ্কটিক স্কোৱাদৰ দলে আজি দুপৰীয়া অভিযান চলাই স্বামী স্ত্ৰী দুয়োকে বৃহৎ পৰিমানৰ নিছা যুক্ত ঔষধৰ লগতে ড্ৰাগছ সৰবৰাহৰ বাবে ব্যবহাৰ কৰা এম্বুলেঞ্চখনো জব্দ কৰে । আৰক্ষীয়ে জব্দ কৰা এম্বুলেঞ্চখনৰ নম্বৰ হল এ এছ – ১২ এ চি – ৪৮৬২ । আৰক্ষীয়ে নিছাযুক্ত ঔষধৰ ব্যবসায়ৰ লগত জড়িত ৰফিকুল ইছলামকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ৰফিকুল ইছলাম চহিদুল হক আৰু মামনি বেগমৰ সহযোগী বুলি জানিব পৰা গৈছে।

You might also like