নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ অসম জ্ৱলোৱাৰ কুচকাৱাজ অজ্ঞাত সংগঠনৰ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ৰাজধানী দিল্লী জ্ৱলি থকাৰ সময়তে এখন বাছেৰে অসম অশান্ত কৰিবলৈ আহিছিল অজ্ঞাত সংগঠনৰ প্ৰতিনিধিৰ এটা দল। গোৱালপাৰাৰ মাটিয়াৰ ডিটেনশ্য়ন কেম্পলৈ আহিছিল দলটো। কিন্তু অসম-পশ্চিমবংগ সীমান্তৰ শিমলুটাপুত সামৰিক আৰু অৰ্ধসামৰিক বাহিনীয়ে অসম প্ৰৱেশত বাধা দিয়ে দলটোক। সাংবিধান বচাওক, নাগৰিক বচাওক, ভাৰত বনাওক আদি বিভিন্ন শ্ল’গান লিখা আছিল উত্তৰ প্ৰদেশৰ পঞ্জীয়ভুক্ত বাছখনত। বাছখনত থকা লোকসকলে নিজকে কোৱা মতে তেওঁলোক মেধা পাটকাৰৰ সংগঠন ছ’চিয়েলিষ্ট পাৰ্টী ইণ্ডিয়া, খোদাই খিদমাদগাৰ, জাষ্টিছ ফ’ৰাম অব আছামৰ প্ৰতিনিধি। অসমত প্ৰৱেশৰ লগে লগে কোকৰাঝাৰ প্ৰশাসনে ১৪৪ ধাৰা জাৰি হৈ থকা সময়তে দলটোক উভতি যাবলৈ কয় যদিও দলটোৰ কিছু নেতাই বলপূৰ্বকভাৱে অসমত প্ৰৱেশৰ চেষ্টা চলোৱাৰ বাবে আটাইকে গ্ৰেপ্তাৰ কৰি তৎকালীনভাৱে জামিন দি পুণৰ ওভতাই পঠিয়াই।

 

You might also like