নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রসংগ এক লাখ নিযুক্তি: অহা ২২ ছেপ্টেম্বৰত পুনৰ ১২ হাজাৰ নিযুক্তি…

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ: অসম চৰকাৰে বিভিন্ন বিভাগৰ অধীনত ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ ঘোষণা ৰূপায়ণৰ লক্ষ্যৰে অহা ২২ ছেপ্টেম্বৰত পুনৰ ১২ হাজাৰ চাকৰি প্রার্থীক নিযুক্তি–পত্র প্রদান কৰিব৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এক অনুষ্ঠানৰ জৰিয়তে উক্ত নিযুক্তি–পত্র প্রদান কৰিব৷  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৌৰোহিত্যত জনতা ভৱনৰ মুখ্যমন্ত্রীৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰে৷

উল্লেখ্য যে বর্তমানৰ ৰাজ্য চৰকাৰখনৰ প্রথম বর্ষপূর্তিৰ পিছমুহূর্ততে যোৱা মে’ মাহত ৩০ হাজাৰ যুৱক–যুৱতীক নিযুক্তি প্রদান কৰা হৈছিল৷ এতিয়া অহা ২২ ছেপ্টেম্বৰত আৰু ১২ হাজাৰক নিযুক্তি দিয়াৰ পাছত ৪২ হাজাৰ যুৱক–যুৱতীক নিযুক্তি প্রদান প্রক্রিয়া সম্পূর্ণ হ’ব৷ তদুপৰি বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুর্থবর্গৰ প্রায় ৩০ হাজাৰ পদ পূৰণৰ প্রক্রিয়া বর্তমান পূর্ণগতিত চলি আছে৷ যোৱা ২১ আৰু ২৮ আগষ্টত কিছুসংখ্যক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছে৷   অৱশিষ্ট পদৰ বাবে অহা ১১ ছেপ্টেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে অহা ২২ ছেপ্টেম্বৰত হ’বলগীয়া ১২ হাজাৰ নিযুক্তিৰ ভিতৰত গৃহ বিভাগৰ অধীনত কনিষ্টবল আৰু উপ–পৰিদর্শক পদত ৫,২০০গৰাকী প্রার্থীক নিযুক্তি দিয়া হ’ব৷ সেইদৰে লোকনির্মাণ বিভাগৰ অধীনত ২৫৬গৰাকীক সহকাৰী অভিযন্তা হিচাপে নিযুক্তি–পত্র প্রদান কৰিব৷ সেই অনুষ্ঠানতে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা, স্বাস্থ্যকে ধৰি বিভিন্ন বিভাগত নির্বাচিত হোৱা প্রার্থীক বিভিন্ন পদবীত নিযুক্তি–পত্র প্রদান কৰা হ’ব৷

You might also like