নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়াৰ ন’বেলখ্যাত ৰমন মেগছেছে বঁটা–২০২২ ঘোষণা

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ:  এছিয়াৰ ন’বেলখ্যাত ৰমন মেগছেছে বঁটা–২০২২ ঘোষণা কৰা হৈছে৷ এছিয়াৰ সমাজলৈ নিঃস্বার্থভাৱে আগবঢ়োৱা অনবদ্য বৰঙণি আৰু মানৱ উন্নয়নৰ সমস্যাসমূহৰ সফলতাপূর্বক সমাধানৰ বাবে ১৯৫৭ চনৰ পৰা আগবঢ়াই অহা ৰমন মেগছেছে–২০২২ বঁটা চাৰিগৰাকী বিশিষ্ট নাগৰিকলৈ আগবঢ়োৱা হৈছে৷ যোৱানিশা ৰমন মেগছেছে বঁটা ফাউণ্ডেচনে ঘোষণা কৰা অনুসৰি কম্বোডিয়াৰ ৫৪ বছৰীয়া মনোৰোগ বিশেষজ্ঞ ছোথেয়াৰা ছিম, জাপানৰ ৫৮ বছৰীয়া চকুৰোগ বিশেষজ্ঞ টাডাচি হেট্টৰী, ফিলিপাইনছৰ শিশুৰোগ বিশেষজ্ঞ বার্নাডেটে মাড্রিড আৰু ইণ্ডোনেছিয়াৰ সমাজকর্মী–চলচ্চিত্ পৰিচালক গেৰী বেঞ্চেঘিবলৈ তেওঁলোকে নিজ নিজ ক্ষেত্রখনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে ২০২২ বর্ষৰ ৰমন মেগছেছে বঁটা আগবঢ়োৱা হৈছে৷ খমেৰ ৰগৰ নিষ্ঠুৰ শাসনৰ সময়ত অত্যাচাৰৰ বলি হোৱা কেইবাসহস্র লোকক চিকিৎসা চলাই আৰোগ্য কৰাৰ অনবদ্য বৰঙণিৰ বাবে কম্বোডিয়াৰ মনোৰোগ বিশেষজ্ঞ ছোথেয়াৰা ছিমক এইবেলি ৰমন মেগছেছে বঁটা ফাউণ্ডেচনে আগবঢ়াইছে৷ তেনেদৰে কেইবাসহস্র ভিয়েটনামীক চিকিৎসা চলাই অন্ধতাৰ পৰা মুক্ত কৰাৰ বাবেই জাপানৰ চকুৰোগ বিশেষজ্ঞ টাডাচি হেট্টৰীক, ফিলিপাইনছত প্রথম শিশু সুৰক্ষা কেন্দ্র স্থাপন কৰি দৰিদ্রতা, শিশু শ্রমিক আৰু অসাধু চক্রৰ কবলত পৰা শিশুক সুনাগৰিক হিচাপে গঢ়ি তোলাত অৱদান আগবঢ়োৱাৰ বাবে শিশুৰোগ বিশেষজ্ঞ বেনাডেটে মাড্রিড আৰু প্লাষ্টিক প্রদূষণৰ বিৰুদ্ধে যুঁজ দি ইণ্ডোনেছিয়াৰ সজাগতাৰ সৃষ্টি কৰা সমাজকর্মী চলচ্চিত্র নির্মাতা গেৰী বেঞ্চেগঘিবক ৰমন মেগছেছে বঁটা আগবঢ়োৱা হৈছে৷ উল্লেখ্য যে এছিয়াৰ ন’বেলখ্যাত ৰমন মেগছেছে বঁটা–১৯৫৭ চনত প্রতিষ্ঠা কৰা হয়৷

You might also like