নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রস্তুতি সম্পূর্ণঃ ৯ মে’ত মুকলি হ’ব জিএমচিএইচৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল; উদ্বোধন কৰিব গৃহমন্ত্রী অমিত শ্বাহে

নিয়মীয়া বাৰ্তা, ৬ মেঃ অত্যাধুনিক চিকিৎসা সামগ্রীৰে পৰিপূর্ণ তথা আন্তঃৰাষ্ট্রীয় মানৰ চিকিৎসা সেৱাৰ বাবে সাজু হৈ উঠিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল৷ কার্ডি’লজী, নিউৰ’লজী আৰু নিউৰ’ ছার্জাৰী চিকিৎসাৰ বাবে সাজু কৰি তোলা এই অত্যাধুনিক চিকিৎসালয়খন অহা ৯ মে’ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ পঞ্চতাৰকা হোটেলসদৃশ এই চিকিৎসালয়খন নির্মাণৰ বাবে ব্যয় হৈছে ২৭৮ কোটি টকা৷

উল্লেখ্য যে বিগত দীর্ঘদিনৰ পৰা কার্ডি’লজী, নিউৰ’লজী আৰু নিউৰ’ ছার্জাৰী বিভাগত অত্যাধুনিক সা–সৰঞ্জাম নথকা বাবে চিকিৎসাৰ ক্ষেত্রত পিছপৰি আছিল জি এম চি এইচ৷ এই লক্ষ্যৰে নির্মাণ সম্পূর্ণ কৰি তোলা ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ মুকলিয়ে সাধাৰণ ৰোগীৰ বাবে আশাৰ বতৰা কঢ়িয়াই অনাই নহয়, সমগ্র উত্তৰ–পূবৰ বাবে এই চিকিৎসালয়খন গুৰুত্বপূর্ণ হ’ব৷ ছুপাৰ স্পেচিয়েলিটী হাস্পতালখনৰ সঞ্চালক বি কে বৈশ্যই প্রকাশ কৰা মতে, ৩০০খন বিছনাযুক্ত চিকিৎসালয়খনত সাধাৰণ ৰোগীৰ বাবে ১৬৮খন বিছনা থকাৰ বিপৰীতে আই চি ইউত থাকিব ১০খন বিছনা৷ চাৰিটা ইউনিটেৰে সামৰি ল’ব লগা চিকিৎসালয়খনত থাকিব ৩৮টা কেবিন৷ দিল্লী–চেন্নাই–হায়দৰাবাদত যিধৰণৰ উন্নত চিকিৎসা লাভ কৰে, সেই একেই ধৰণৰ চিকিৎসা লাভ কৰিব জি এম চি এইচৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত৷

উল্লেখ্য যে চৰকাৰৰ বর্ষপূর্তি উপলক্ষে অহা ৮ মে’ত তিনিদিনীয়া কার্যসূচীৰে গুৱাহাটীত উপস্থিত হ’ব লগা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই চিকিৎসালয়খন মুকলি কৰি ৰাইজৰ বাবে উৎসর্গিত কৰাৰ লগে লগে জি এম চি এইচ হৈ পৰিব চিকিৎসাৰ এক হাব৷ কেইবাটাও কার্যসূচীৰে গুৱাহাটীলৈ আহিব লগা কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে এই চিকিৎসালয়খন মুকলি কৰাৰ লগতে আন কেইবাটাও প্রকল্প মুকলি কৰিব৷ ইয়াৰ ভিতৰত গুৱাহাটীত নতুন উপায়ুক্তৰ কার্যালয়, আৰক্ষী আয়ুক্তৰ কার্যালয়, একেলগে তিনি হাজাৰ লোক বহিব পৰা প্রেক্ষাগৃহৰ লগতে আন কেইবাটাও প্রকল্প উদ্বোধন কৰিব কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷

আনহাতে, কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে ১০ মে’ত অসম আৰক্ষীক প্রদান কৰিব ‘ৰাষ্ট্রপতিৰ নিচান’৷ ইয়াৰ বাবে নেহৰু ষ্টেডিয়ামত এক বর্ণিল কার্যসূচীৰ আয়োজন কৰিছে অসম আৰক্ষীয়ে৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক সম্ভাষণ জনাবলৈ ১০টা প্লাটুন সাজু কৰি তোলা হৈছে৷ গৃহমন্ত্রীগৰাকীক এই প্লাটুনৰ জোৱানসকলে পেৰেডেৰে সম্ভাষণ জনাব৷

You might also like