নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ গেৰুৱামুখত ৩৫ ৰাউণ্ড সজীৱ গুলি আৰু এটা পিষ্টল সহ ড্ৰাগছ ব্যৱসায়ী আটক

নিয়মীয়া বাৰ্তা, ৬ মে :– নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱামুখৰ ছায়েতিনিআলিত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়িক আটক কৰাৰ লগতে সজীৱ গুলিৰ সৈতে এটা পিষ্টল আৰু নগদ ধনৰ সহ এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে খাটোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈৰ নেতৃত্বত এটা আৰক্ষীৰ দলে যোৱা নিশা প্ৰায় ২.২৫ মান বজাত এক গোপন খবৰৰ ভিত্তিত গেৰুৱামুখ অঞ্চলৰ ছায়েতিনিআলিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৷

আৰক্ষীৰ দলটোৱে অভিযান চলাই থকা সময়ত ৰফিকুল ইছলাম নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জনে এক ৰাউণ্ড শূণ্যলৈ গুলি চালনা কৰি পিষ্টলটো পেলাই থৈ পলায়ন কৰে ৷পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৩৫ ৰাউণ্ড সজীৱ গুলিৰ সৈতে .২২ পিষ্টল সহ ২৭৪ ৮০ টকাৰ সহ এএছ ০২ এছ ০৪৬১ নম্বৰৰ এখন কুইড গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷

আনহাতে আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰা উক্ত ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰিবলৈ আৰক্ষীৰ দলটোৱে পুনৰ অভিযান তীব্ৰ কৰি তোলে ৷ যোৱা নিশাৰ পৰা আৰক্ষীৰ দলটোৱে অভিযান চলাই আজি পুৱা গেৰুৱামুখ অঞ্চলৰ নুৰুল ইছলামৰ পুত্ৰ ৰফিকুল ইছলাম (২৫) নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰাৰ লগলে দুটা ম’বাইল ফোন জব্দ কৰে ৷ আৰক্ষীয়ে আজি পুৱা আটক কৰা উক্ত ড্ৰাগছ ব্যৱসায়ী জনে ডিমাপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি চামগুৰিৰ লগতে নগাঁও জিলা খনত অবাধ সম্ৰাজ্য গঢ়ি তুলিছিল বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে আজি পুৱা আটক কৰা উক্ত ড্ৰাগছ ব্যৱসায়ী জনক আৰু অধিক তথ্যৰ বাবে খাটোৱাল আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে

You might also like