নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীয়াই থকাৰ কঠোৰ সংগ্রাম কঠীয়াতলীৰ নিথৰুৱা মহিলাৰ

ঘনকান্ত বৰা, কঠীয়াতলী

জীৱন যুদ্ধত হাৰ মানিব নিবিচৰা কঠীয়াতলী কছাৰীগাঁৱৰ মোহিনী খাখলাৰীৰ জীৱনলৈ ২০১৭ চনতে কালধুমুহা নামি আহিল৷ সুখৰ সৰু সংসাৰখনৰ গুৰিব’ঠা ধৰি অহা স্বামী লক্ষীন্দ্র খাখলাৰীৰ অকাল বিয়োগ ঘটিল৷ লক্ষীন্দ্র খাখলাৰী আছিল কঠীয়াতলীৰ এজন আগশাৰীৰ সমাজ সেৱক৷ আর্থিক অৱস্থা বৰ টনকিয়াল নহ’লেও কঠীয়াতলীৰ সমাজ জীৱনৰ লগত জড়িত ব্যক্তি আছিল৷ অসম গণ পৰিষদ দলৰ কঠীয়াতলী আঞ্চলিকৰ সম্পাদক, কঠীয়াতলী শাখা সাহিত্য সভাৰ সম্পাদক, তিৱা জাতীয় ঐক্য মঞ্চৰ সদস্য, ট্রাইবেল ছাত্র সংগঠনৰ লগত জড়িত বহু অনুষ্ঠানৰ সভাপতি–সম্পাদকৰ দায়িত্ব পালন কৰা ব্যক্তি৷ সাংবাদিকতা কৰাৰ উপৰি তিৱা স্বায়ত্ত পৰিষদৰ নির্বাচনত দুবাৰকৈ নামবৰ লালুং গাঁও সমষ্টিৰ পৰা তিৱা জাতীয় ঐক্য মঞ্চৰ প্রার্থী হৈ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল যদিও তেওঁ অঞ্চলটোৰ জনপ্রিয় নেতা আছিল৷ খাখলাৰীৰ মৃত্যুৰ পিছত পত্নী মোহিনীৰ জীৱনলৈ অমানিশা নামি আহে৷ ১৩ বছৰীয়া কন্যা আৰু ৪ বছৰীয়া এটি পুত্রক লৈ মোহিনী খাখলাৰীয়ে কিবা এটা কৰাৰ চিন্তা কৰিছিল যদিও পথৰ সন্ধান পোৱা নাছিল৷ স্নাতক ডিগ্রীধাৰী এইগৰাকী মহিলাই কাৰো পৰাই সহায় আৰু আশ্বাস নাপালে যদিও শেষত এজন লোক আগবাঢ়ি আহিল কিছু সহায়ৰ বাবে৷ স্বামী খাখলাৰীৰ সখি বিজয় বসুমতাৰী নগাঁও কলংপাৰ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্রবক্তা৷

বসুমতাৰীয়ে নিঃসহায় মহিলাগৰাকীক জীয়াই থকাৰ পথৰ সন্ধান দিলে আৰু দিলে কিছু অর্থ৷ তাৰেই ঘৰতে কাঠফুলা উৎপাদন কৰাৰ এটা সৰু উদ্যোগ স্থাপন কৰি এতিয়া ব্যস্ত হৈ পৰিছে মোহিনী খাখলাৰী৷ বাসগৃহৰ লগতে এটি খেৰৰ ঘৰ বনাই তাতেই আৰম্ভ কৰিছে কাঠফুলা উৎপাদন কেন্দ্রটো৷ কামৰ হেঁচা বেছিকৈ পৰিলে গাঁৱৰ দুই–চাৰি মহিলাক দিন হাজিৰাত লগায়৷ বর্তমান সময়ত প্রতিদিনে ৬ৰ পৰা ৭ কেজিকৈ কাঠফুলা উৎপাদন কৰি স্থানীয় ৰাইজৰ মাজত বিক্রী কৰি আহিছে৷ প্রতি কেজি কাঠফুলা ৩০০ৰ পৰা ৪০০ টকালৈকে কেঁচা হিচাপত বিক্রী কৰি আহিছে৷ থাকি যোৱা কাঠফুলা ৰ’দত শুকুৱাই সেইখিনি প্রতি কিলোত ৭০০ টকাকৈ বিক্রী কৰি আহিছে৷ বর্তমান মোহিনীৰ হাতেৰে তৈয়াৰী কাঠফুলা বাহিৰলৈকো বিক্রীৰ বাবে গৈছে৷ প্রথম অৱস্থাত ওচৰ–চুবুৰীয়াই কাঠফুলা খাবলৈ ভয় আৰু সংকোচ কৰিছিল যদিও এতিয়া কাঠফুলা যে ঔষধি গুণৰ লগতে ই এবিধ পুষ্টিকৰ খাদ্য, সেয়া অৱগত হোৱাত ইয়াৰ বিক্রী ভালকৈ হৈছে বুলি কয় মোহিনীয়ে৷ কাঠফুলা উৎপাদন কৰিয়েই তেওঁৰ সংসাৰ চলিছে৷ ডাঙৰ কন্যা ছিমাংশ্রীয়ে এইবাৰ মেট্রিক পৰীক্ষা দিয়াৰ লগতে ৬ বছৰীয়া পুত্র বিবেকৰ প্রথম শ্রেণীত নামভর্তি কৰিছে৷ মোহিনী খাখলাৰীৰ কাঠফুলাৰ বজাৰখনৰ পৰিসৰ বহুল হোৱাৰ প্রতি লক্ষ্য ৰাখি গাঁওখনৰ আৰু কিছু মহিলাক এই বিষয়ত প্রশিক্ষণ প্রদান কৰি স্বাবলম্বিতাৰ পথ দেখুৱাব বুলি বিশ্বাস৷

You might also like