নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’হাগতে আলফাই আলোচনাৰ বাবে সঁহাৰি জনাওকঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ১ মে’: অসমৰ জনতাই শান্তি বিচাৰে। সেয়ে আলফাৰ প্ৰতি আহ্বান আলাপ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে সহযোগিতা আগবঢ়াওক।”- এইবুলি আজি সোণাৰিত সংবাদ মাধ্যমৰ আগত বক্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ ৰজাপুখুৰীত নিৰ্মাণ হৈ থকা চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লবলৈ আজি বিয়লি সোণাৰিত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে পোন প্ৰথমে চিকিৎসা মহাবিদ্যালয়খনিৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ নিৰ্মাণ প্ৰতিষ্ঠানৰ বিষয়াবৰ্গৰে আলোচনাত মিলিত হয়। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰে মুখামুখি হৈ চিকিৎসা মহাবিদ্যালয়খনিৰ নিৰ্মাণ কাৰ্য পঁচিশ শতাংশ আগবঢ়া বুলি জানিব দি চলিত বৰ্ষত নিৰ্মাণ কাৰ্য পঞ্চাশ শতাংশ সমাপ্ত হব বুলি আশা ব্যক্ত কৰে। প্ৰকৃতিয়ে বাধা নিদিলে ২০২৪ বৰ্ষত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হব বুলি তেওঁ উল্লেখ কৰে।

ইফালে বিগত দিনবোৰত আলফত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা ভালে সংখ্যক যুৱক যুৱতীয়ে যোগদান কৰা বিষয় সন্দৰ্ভত সা‍ংবাদিকে মুখ্যমন্ত্ৰী গৰাকীৰ মতামত বিচৰাত তেওঁ কয় যে , বৃদ্ধ পিতৃ মাতৃ, পত্নী সন্তান আৰু অন্য আত্মীয় স্বজনক এৰি থৈ আলফালৈ গুচি যোৱা সকলৰ পৰিয়ালত বৰ্তমান যি পৰিবেশ সৃষ্টি হৈছে সেয়া অতি দুখদায়ক। আলফালৈ নগৈ অসমতে থাকি অসম মাতৃৰ সেৱা কৰিব পৰাৰ যথেষ্ট থল আছে বুলি তেওঁ প্ৰকাশ কৰে।

ইফালে ক’ভিড কেন্দ্ৰিক বিষয়ত অনাগত দিনত নতুন বাধা নিষেধ বা এছ অ’পি জাৰি হোৱাৰ সম্ভাৱনা আছে নেকি বুলি সাংবাদিকে জানিব বিচৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিগত দুটা বছৰত ক’ভিডৰ বাবে ৰাজ্য খনৰ সৰ্বস্তৰৰ জনতাৰ ব্যাপক ক্ষতি হ’ল। এতিয়া ক’ভিডক লৈ নানা দুঃচিন্তা কৰা বা এই বিষয়ত উদ্বিগ্নতা প্ৰকাশ কৰাৰ কোনো প্ৰয়োজন নাই। জনসাধাৰণক সংবাদ মাধ্যমে এই বিষয়ত উৎকণ্ঠা বঢ়াই তোলাৰ পৰিৱৰ্তে ৰাজ্যখনক উৎপাদন মুখী প্ৰক্ৰিয়াত আগবঢ়াই নিবলৈ উদ্গনি যোগোৱা উচিত বুলি তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ ভ্ৰমণ কালত সাংসদ তপন কুমাৰ গগৈ, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মন্ত্ৰী যোগেন মহন, থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাই আৰু নাহৰকটিয়াৰ বিধায়ক তৰংগ গগৈয়ে সংগ দিয়ে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে নাজিৰালৈ যাত্ৰা কৰে। আজি নিশা তেওঁ নাজিৰাত বাহৰপাতি কাইলৈ শিৱসাগৰত অনুষ্ঠিত হব লগা এক কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

You might also like