নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেট দাখিলৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ প্ৰতিক্ৰিয়া

কি ক'লে বিত্তমন্ত্ৰী ড০ শৰ্মাই?

নিয়মীয়া বাৰ্তা, ৬মাৰ্চঃ আজি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে ২০২০-২০২১ বৰ্ষৰ অন্তিমখন পূৰ্ণাংগ বাজেট। বাজেট দাখিলৰ পিছত মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰখনৰ এইখন শেষ বাজেট। যোৱা ৪ বছৰৰ প্ৰচেষ্টাক সমাহিত কৰি অসমৰ জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ এখন বাজেট আমি প্ৰস্তুত কৰিছো।

        অৰুণোদয়ে অসমৰ ২৭ লাখ দুখীয়া পৰিয়ালক স্পৰ্শ কৰিব। অসমৰ প্ৰতিটো দুখীয়া পৰিয়ালে বিনামূলীয়া চাউল-দাইল-চেনী লাভ কৰিব। দিব্যাংগজনলৈও সহায়ৰ হাত আগবঢ়োৱা হৈছে। যুৱকসকলৰ কৰ্ম সংস্থাপনৰ বাবে নতুন পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। অসমমালাৰ দৰে আঁচনিৰ লগতে নুমলীগড় শোধনাগাৰ সদায় অসমৰ ৰাইজৰ হাতত থাকি যোৱাকৈ এক বিশাল পৰিকল্পনা এই বাজেটত আগবঢ়াই দিয়া হৈছে।

          অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু অসমৰ উন্নয়নমূলক আঁচনিসমূহৰ এক বিকল্প আৰু নতুন পথ মোকলাই দিয়াৰ বাবে সোণোৱাল চৰকাৰক বহু দিনলৈ অসমৰ ৰাইজে মনত ৰাখিব।  প্ৰায় ১লাখ ৩হাজাৰ টকা ৰাজহুৱা ব্যয় কৰিব বুলিও মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ।

You might also like