নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুডিজ ইনভেষ্টর্ছ ছার্ভিচৰ প্রতিবেদন: ২০২২ বর্ষত ভাৰতৰ জিডিপি বৃদ্ধি ৭ শতাংশলৈ নিম্নগামী হ’ব

 

  • মে’ মাহত মুডিজৰ অনুমান আছিল জিডিপি বৃদ্ধি ৭.৭ শতাংশ হ’ব
  • গোলকীয় মন্দাৱস্থা আৰু দেশীয় সুদৰ হাৰ বৃদ্ধিৰ বাবে অর্থনীতিৰ গতিত ব্যাঘাত

 

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: ২০২২ বর্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন, চমুকৈ জিডিপি বিকাশৰ হাৰ ৭ শতাংশলৈ হ্রাস পাব৷ মুডিজ ইনভেষ্টর্ছ ছার্ভিচে ২০২২ বর্ষৰ ভাৰতৰ জিডিপিক লৈ এই অনুমান প্রকাশ কৰিছে৷ উল্লেখ্য যে যোৱা মে’ মাহত মুডিজ ইনভেষ্টর্ছ ছার্ভিচে ভাৰতৰ জিডিপি বিকাশৰ হাৰ ৭.৭ শতাংশলৈ নিম্নগামী হোৱা বুলি প্রকাশ কৰাৰ পাছত নম্বেৰত এই জিডিপি বিকাশৰ হাৰ ৭ শতাংশলৈ হ্রাস পাব বুলি প্রকাশ কৰি প্রত্যক্ষভাৱে ভাৰতীয় অর্থনীতিত পৰা প্রভাৱক উনুকিয়াই দিছে৷ মুডিজ ইনভেষ্টর্ছ ছার্ভিচৰ মতে গোলকীয় মন্দাবস্থা আৰু ভাৰতৰ সুদৰ হাৰ অধিক হোৱাৰ পৰিপ্রেক্ষিততে দেশখনৰ অর্থনীতিৰ গতিত ব্যাঘাত জন্মিছে৷ গ্ল’বেল মেক্র’ আউটলুক ২০২৩–২৪ শীর্ষক প্রতিবেদনত মুডিজে প্রকাশ কৰা মতে ভাৰতৰ ২০২২ বর্ষৰ প্রকৃত জিডিপি বিকাশৰ অনুমান ৭ শতাংশলৈ হ্রাস পাব৷ যদিওবা ইয়াৰ পূর্বে মুডিজে ৭.৭ শতাংশ হ’ব বুলি অনুমান কৰিছিল৷ এনেদৰে ২০২৩ চনত দেশখনৰ বিকাশৰ হাৰ ৪.৮ শতাংশ ত্বৰান্বিত হ’ব আৰু ২০২৪ চনত ই ৬.৪ শতাংশ বৃদ্ধি পাব৷

মন কৰিবলগীয়া যে মুডিজৰ তথ্য অনুসৰি ২০২১ বর্ষত ভাৰতীয় অর্থনীতি ৮.৫ শতাংশলৈ বৃদ্ধি পাইছিল৷ ভাৰতীয় টকাৰ মূল্য ডলাৰৰ বিপৰীতে দুর্বল হৈ থকাৰ সমান্তৰালকৈ খাৰুৱা তেলৰ মূল্যবৃদ্ধি বৃদ্ধি পাই থকাৰ ফলত ভাৰতৰ মুদ্রাস্ফীতিত প্রচণ্ড চাপ পৰিছিল৷ এনে কাৰণত ছেপ্ঢেম্বৰত দেশখনৰ খুচুৰা মুদ্রাস্ফীতি ৭.৪ শতাংশলৈ বৃদ্ধি পোৱাৰ লগতে পাইকাৰী মুদ্রাস্ফীতিও ক্রমাগত ১৮ মাহ দুই সংখ্যাযুক্ত হৈ আছে৷ ছেপ্ঢেম্বৰত পাইকাৰী মুদ্রাস্ফীতি ১০.৭ শতাংশ হৈছিল৷ ভাৰতীয় ৰিজার্ভ বেংকে মে’ আৰু ছেপ্ঢেম্বৰলৈকে ৰেপ’ৰেট ১৯০ বেছিছ পইণ্ট বৃদ্ধি কৰি মুদ্রাস্ফীতি ৰোধ কৰিবলৈ ব্যৱস্থা গ্রহণ কৰিছে যদিও এতিয়ালৈকে ইয়াৰ ফলপ্রসূতা স্পষ্ট হোৱা নাই৷

You might also like