নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ মিত্র হ’ব বিপিএফ! ৰাজ্যসভাৰ নির্বাচনৰ পূর্বে ৰাজ্যৰ ৰাজনীতিত বৃহৎ পৰিৱর্তন

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ অহা মার্চ মাহত অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব৷ সমাগত ৰাজ্যসভা নির্বাচনৰ পূর্বে অসমৰ ৰাজনীতিত বৃহৎ পৰিৱর্তন অহাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল যিকোনো মুহূর্ততে বিজেপিৰ মিত্রদল হিচাপে আত্মপ্রকাশ কৰাৰ বিপৰীতে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত পুনৰ মিত্রতা স্থাপন হোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰী আৰু প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ ভাষ্যতেই পৰিস্ফুট হৈ পৰিছে অসমৰ ৰাজনীতিৰ এই বৃহৎ পৰিৱর্তনৰ ছবিখন৷ উল্লেখ্য যে যোৱা কিছুদিনৰ পৰা বি পি এফ দল বিজেপিৰ মিত্র হ’ব বুলি ব্যাপক চর্চা চলি আহিছে৷ দলটোৰ বিভিন্নগৰাকী নেতাৰ ভাষ্যত সেই কথা প্রকাশ পাই আহিছিল৷

শেহতীয়াকৈ  বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে বিজেপিৰে মিত্রতা সম্পর্কত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে কথা–বতৰা পতাৰ বিষয়ে সাংবাদিকক জানিবলৈ দিয়ে৷ আজি বাক্সা জিলাৰ মুছলপুৰৰ বাথৌপুৰীত অনুষ্ঠিত বি পি এফৰ ৭৮সংখ্যক কেন্দ্রীয় কার্যনির্বাহক সভাত অংশগ্রহণ কৰি মহিলাৰীয়ে সাংবাদিকৰ আগত কয় যে মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে এবাৰ–দুবাৰ নহয়, কেইবাবাৰো আলোচনাত মিলিত হৈছে৷ শীঘ্রেই ভাল খবৰ আহিব বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে দলৰ ইতিমধ্যে সিদ্ধান্ত আছে– দলৰ ভালৰ কাৰণে যিকোনো কাম কৰিব পাৰিব৷ মুখ্যমন্ত্রী সদায় ইতিবাচক বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে তেওঁ আৰু মুখ্যমন্ত্রী ভালে থাকিলে সকলো সম্ভৱ৷ সেইদৰে বি পি এফৰ বিধায়কে বিজেপিক সাক্ষাৎ কৰাৰ প্রসংগত তেওঁ কয় যে তেওঁৰ অনুমতি লৈহে তেওঁলোকে সেয়া কৰিছে৷ হাগ্রামা মহিলাৰীৰ আজিৰ এই ভাষ্যতেই অচিৰেই যে বি পি এফ দল বিজেপিৰ মিত্র হ’ব, সেয়া স্পষ্ট হৈ পৰিছে৷ ইপিনে বি পি এফৰ বিধায়ক দুর্গাদাস বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্রী আৰু বর্তমানৰ ৰাজ্য চৰকাৰৰ কামৰ প্রতি যি স্পৃহা, তাক লৈ বি পি এফ আশাবাদী৷ বি পি এফে চৰকাৰক সহায় কৰাৰ পক্ষপাতী৷ মন কৰিবলগীয়া এয়ে যে শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো বি পি এফ দলক বিজেপিৰ সংগী কৰি লোৱাত তেওঁলোকৰ আপত্তি নথকাৰ কথা ইতিমধ্যে স্পষ্ট কৰি দিছে৷ ফলত যিকোনো মুহূর্ততে বি পি এফ দল বিজেপিৰ মিত্র হোৱাটো অৱধাৰিত বুলিব পাৰি৷

ইফালে বিৰোধী দল কংগ্রেছেও পুনৰ এ আই ইউ ডি এফৰে মিত্রতা কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷ এইক্ষেত্রত কাইলৈ অনুষ্ঠিত হ’বলগীয়া কংগ্রেছ বিধায়িনী দলৰ বৈঠকত বিষয়টোক লৈ আনুষ্ঠানিক সিদ্ধান্ত গ্রহণ কৰিব বুলি জানিব পৰা গৈছে৷ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰে সীমা বিবাদ নিষ্পত্তিৰ নামত অসমৰ মাটি গতাবলৈ চৰকাৰে গ্রহণ কৰা সিদ্ধান্ত আৰু সমাগত ৰাজ্যসভা নির্বাচন সম্পর্কত আলোচনা কৰাৰ বাবে কাইলৈ কংগ্রেছ বিধায়িনী দলৰ বৈঠকৰ আয়োজন কৰা হৈছে৷ উক্ত বৈঠকত দলীয় বিধায়কসকলৰ উপৰি সাংসদ, প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু তিনিগৰাকী কার্যকৰী সভাপতিও উপস্থিত থাকিব৷ সূত্রটোৱে সদৰী কৰা অনুসৰি কাইলৈৰ সেই বিধায়িনী দলৰ বৈঠকতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ সৈতে পুনৰ মিত্রতা কৰা সম্পর্কত সিদ্ধান্ত গ্রহণ কৰিব৷ মূলতঃ সমাগত ৰাজ্যসভা নির্বাচনত বিৰোধীয়ে এখন আসনত উমৈহতীয়াভাৱে প্রার্থিত্ব দিয়াৰ বাবেই সকলো বিৰোধী ঐক্যবদ্ধ হৈ নির্বাচনত অৱতীর্ণ হোৱাৰ প্রস্তাৱ গ্রহণ কৰি কার্যতঃ এ আই ইউ ডি এফলৈ মিত্রতাৰ প্রস্তাৱ আগবঢ়াব৷ মন কৰিবলগীয়া এয়ে যে বর্তমান অসম বিধানসভাত কংগ্রেছৰ লগতে এ আই ইউ ডি এফ, ৰাইজৰ দল, চি পি আই (এম) আৰু বি পি এফ দল বিৰোধী শিবিৰত আছে৷ কিন্তু বি পি এফ দলে ইতিমধ্যে বিজেপিৰ মিত্র হোৱাৰ দিশে আগবাঢ়িছে৷ ৰাইজৰ দল আৰু চি পি আই (এম)ৰ এজনকৈহে বিধায়ক আছে৷ এ আই ইউ ডি এফ দলৰ ১৫গৰাকীকৈ বিধায়ক আছে৷ সেয়ে বিৰোধীৰ সহায় বিচৰাৰ ছলেৰে কংগ্রেছে কার্যতঃ এ আই ইউ ডি এফলৈহে মিত্রতাৰ প্রস্তাৱ আগবঢ়াব৷ এই সন্দর্ভত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয় যে সকলো বিৰোধী ঐক্যবদ্ধ হৈ ৰাজ্যসভা নির্বাচনত অৱতীর্ণ হ’লে এখন আসনত জয়লাভ কৰাৰ শক্তি আছে৷ সেয়ে তেওঁ সকলো বিৰোধীকে ঐক্যবদ্ধ হৈ ৰাজ্যসভা নির্বাচনত বিৰোধীৰ তৰফৰ পৰা এগৰাকী প্রার্থী প্রক্ষেপ কৰাৰ পোষকতা কৰে৷

আনহাতে, কংগ্রেছৰ পৰা এতিয়াও আনুষ্ঠানিকভাৱে মিত্রতাৰ প্রস্তাৱ লাভ নকৰিলেও পুনৰ কংগ্রেছৰ মিত্র হ’বলৈ প্রস্তুত হৈ আছে এ আই ইউ ডি এফ৷ এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সংগঠন) বিধায়ক আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে সকলো বিৰোধী ঐক্যবদ্ধ হৈ ৰাজ্যসভাৰ এখন আসনত প্রার্থিত্ব দিয়াটো তেওঁলোকেও বিচাৰে৷ অৱশ্যে এইবাৰ তেওঁলোকে সেই আসনখন এ আই ইউ ডি এফ দলক এৰি দিয়াটো বিচাৰে৷ ইতিপূর্বে কংগ্রেছে এ আই ইউ ডি এফৰে মিত্রতা ছেদ তথা মহাজোঁট ভংগ কৰাটোৰ প্রসংগত কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে মহাজোঁট ভাঙি দিলে৷ মহাজোঁট–বিৰোধী ঐক্য থানবান কৰাত মুখ্যমন্ত্রী ড০ শর্মা সক্ষম হৈছে৷

You might also like