নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাই ২৬ জানুৱাৰীত বন্ধ নিদিয়েঃ নকৰে সশস্ত্র প্রতিবাদো

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ নিৰাপত্তাক লৈ চৌদিশে অভেদ্য দুর্গ সৃষ্টি কৰাৰ সময়তে ২৬ জানুৱাৰীৰ প্রাক্ক্ষণত আলফাই সশস্ত্র প্রতিবাদ নকৰাৰ কথা ঘোষণা কৰিছে৷ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই এই সন্দর্ভত স্পষ্ট কৰি দিছে যে গণৰাজ্য দিৱসৰ দিনটোত আলফাই সশস্ত্র প্রতিবাদ কৰাৰ পৰা বিৰত থকাৰ উপৰি কোনোধৰণৰ বন্ধ ঘোষণা কৰা নাই৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত পৰেশ বৰুৱাই কয় যে সমগ্র বিশ্বতে বর্তমান ক’ভিড মহামাৰীৰ তৃতীয়টো ঢ়ৌৰ সংক্রমণ বৃদ্ধি পাই থকা আৰু বিগত দুটা বছৰত থলগিৰি জনগণৰ জীৱন–জীৱিকাৰ ওপৰত যি নেতিবাচক প্রভাৱ পৰিল, তাৰ পৰিপ্রেক্ষিতত আলফাই এইবাৰ গণৰাজ্য দিৱসত সশস্ত্র প্রতিবাদ আৰু বন্ধ ঘোষণা কৰা নাই৷ কিন্তু উক্ত দিনত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ঘোষিত ক’ভিডৰ নীতি–নির্দেশনা সম্পূর্ণৰূপে মানি ক’লা পতাকা উত্তোলন, ক’লা বেজ পৰিধান আদিৰ লগতে সকলো ৰাজনৈতিক, অৰাজনৈতিক দল–সংগঠন তথা মুক্তিকামী ৰাইজক ঔপনিৱেশিক ৰাষ্ট্রৰ গণৰাজ্য দিৱসৰ সকলো কার্যক্রমণিকাত অংশগ্রহণৰ পৰা বিৰত থাকি প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছোঁ৷ বিবৃতিটোত ইয়াকো উল্লেখ কৰিছে যে সম্প্রতি বিশ্বব্যাপী ক’ৰোনা মহামাৰীৰ তৃতীয়টো সংহাৰী ৰূপ অব্যাহত থকাৰ লগতে ক’ভিডৰ নতুন প্রজাতি অমিক্রনৰ সংক্রমণ দিনকদিনে বৃদ্ধি পাই আহিছে৷ এনে ভয়াৱহ পৰিস্থিতিত অসম মুলুকত ভূতৰ ওপৰত দানহ পৰা দি বৈৰী ভাৰত ৰাষ্ট্রই গণৰাজ্য দিৱস ৫ দিনীয়াকৈ উদ্যাপন কৰিব লোৱাটো অতিকৈ নিন্দনীয় আৰু অসম–ভাৰত ৰাজনৈতিক সংঘাতক দীর্ঘম্যাদী কৰাৰ ষড়যন্ত্র৷

You might also like