নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতর্কিত এছ আই জোনমণি ৰাভা নিলম্বিত

নিয়মীয়া বাৰ্তা,৬ জুনঃ প্রৱঞ্চনাৰ এটা গোচৰত কালি মাজুলীৰ গড়মূৰ আৰক্ষী থানাহ বহু বিতর্কিত আৰক্ষী উপ–পৰিদর্শক (এছ আই) জোনমণি ৰাভাক গ্রেপ্তাৰ কৰাৰ পাছতেই আৰক্ষী বিষয়াগৰাকীক চাকৰিৰ পৰা নিলম্বিত কৰা হয়৷ এই সন্দর্ভত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেই সাংবাদিকৰ আগত কয়– ‘এছ আই জোনমণি ৰাভাক মাজুলী আৰক্ষীয়ে গ্রেপ্তাৰ কৰা বুলি আমি নিশ্চিত হোৱাৰ পাছতেই তেওঁৰ নিলম্বনৰ যাৱতীয় কাম–কাজ সম্পাদন কৰি তৎকালে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰা হয়৷’

স্মর্তব্য যে নগাঁও সদৰ আৰক্ষী থানাত পঞ্জীভুক্ত আন এটা প্রৱঞ্চনাৰ গোচৰত জোনমণি ৰাভাৰ ভাবী স্বামী ৰাণা পগাগক ইতিমধ্যেই গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰা হৈছে৷ উল্লেখ্য যে জোনমণি ৰাভাই মাজুলীত কর্মৰত অৱস্থাত থকাৰ সময়তে ধৃত পগাগে নিজকে ভাৰতীয় তেল আৰু গেছ আয়োগৰ জনসস্পর্কৰক্ষী বিষয়া হিচাপে পৰিচয় দি তেওঁৰ লগত প্রেমৰ সম্পর্ক গঢ়ি পাছত আঙঠি পিন্ধাহছিল৷ নগাঁৱলৈ বদলি হৈ আহি নগাঁও সদৰ আৰক্ষী থানাত উপ–পৰিদর্শক হিচাপে কার্যনির্বাহ কৰি থকাৰ সময়তে জোনমণিয়ে যোৱা পাঁচ মে’ত ভাবী স্বামী পগাগক নগাঁৱলৈ মাতি আনি নগাঁও সদৰ থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত গ্রেপ্তাৰ কৰে৷ যোৱা পাঁচ মে’ত নগাঁও আৰক্ষীয়ে পগাগক গ্রেপ্তাৰ কৰাৰ পাছতেই মুখা খোল খাইছিল এছ আই জোনমণি ৰাভাৰ৷

ভাবী স্বামীক গ্রেপ্তাৰ কৰোৱাই বাঃ বাঃ লৈ থকাৰ সময়তে মাজুলীৰ গড়মূৰ আৰক্ষী থানাত একাধিক ব্যৱসায়ীয়ে ধৃত ৰাণা পগাগৰ সৈতে লগ লাগি এছ আই জোনমণিয়ে প্রৱঞ্চনা কৰা বুলি এজাহাৰ দাখিল কৰে৷ ইয়াৰ লগে লগে তদন্তৰ আওতাত সোমাই পৰে ‘লেডী সিংহম’ বুলি খ্যাত এছ আই জোনমণি ৰাভা৷ লগে লগে নগাঁও জিলা আৰক্ষী অধীক্ষকে নগাঁও সদৰ থানাৰ পৰা বদলি কৰে কলিয়াবৰ আৰক্ষী থানালৈ৷ কিন্তু কলিয়াবৰত যোগদান কৰিয়েই এছ আই জোনমণি ৰাভাই দীঘলীয়া ছুটী লয়৷ আনকি কৌশলেৰে সংবাদ মাধ্যমৰ পৰাও আঁতৰি আছিল জোনমণি ৰাভা৷

You might also like