নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ এভাৰেষ্ট কি?

-পার্থসাৰথি মহন্ত

মোৰ এভাৰেষ্ট কি?
কেতিয়াবা আমি নিজকে সুধিছোনে? কোনো কোনোৱে হয়তো সদায়েই সোধে, আন কোনোৱে হয়তো কেতিয়াও সোধা নাই বা ভবা নাই৷
এভাৰেষ্ট– পৃথিৱীৰ সর্বোচ্চ শৃংগ৷ উচ্চতা ২৯০৩১.৭ ফুট৷ খুব কম মানুহ ওলাব, যাৰ শৈশৱতে জীৱনৰ লক্ষ্য আছিল এভাৰেষ্ট আৰোহণ কৰা৷ অধিকাংশ লোকেই এটা বয়সতহে এভাৰেষ্ট আৰোহণৰ কথা ভাবে৷ জয় কৰাৰ কথা কোৱা নাই, ভবাৰ কথা কৈছো৷ ইয়াৰে প্রায়খিনিয়েই শাৰীৰিকভাৱে সক্ষম–সবল৷ কিন্তু একাংশ আছে, যি শাৰীৰিকভাৱে আপাত দৃষ্টিত দৈনন্দিন সাধাৰণ কাম–কাজৰ বাবেই সক্ষম নহয়, অথচ এভাৰেষ্ট আৰোহণৰ সপোন দেখে৷ সপোন দেখাই নহয়, সফলো হয়৷
অৰুণিমা সিন্হা, ৰাষ্ট্রীয় পর্যায়ৰ ভলীবল খেলুৱৈ৷ ২০১১ চনত এখন চলন্ত ট্ৰেইনত চোৰে সোণৰ চেইন টানি নিবলৈ চেষ্টা কৰিছিল৷ অৰুণিমা ভয় খাই বহি নাথাকিল, বাধা দিলে৷ চেইন কাঢ়িবলৈ ব্যর্থ হৈ চোৰে অৰুণিমাক চলন্ত ৰে’লৰ পৰা ঠেলি পেলাই দিলে৷ অৰুণিমা বাচিল, কিন্তু এখন ভৰি কাটিবলগীয়া হ’ল৷ হাস্পতালত থাকোঁতেই অৰুণিমাই মন থিৰ কৰিছিল যে আনৰ দৰে পৰনির্ভৰশীল এটা ঘুণীয়া জীৱন নকটাব৷ ২০১৩ চনত অৰুণিমাই এভাৰেষ্ট আৰোহণ কৰে৷
১৯৯৪ চনত ফ্রান্সৰ ফিলিপ ক্রইজ’নৰ দুর্ঘটনাক্রমে হোৱা ইলেক্ট্রিক শ্বকত দুয়োখন হাত আৰু দুয়োখন ভৰি এমপিউট কৰিবলগীয়া হৈছিল৷ ২০১০ চনত ৪২ বছৰ বয়সত ফিলিপে চৈধ্য ঘণ্টা সাঁতুৰি ইংলিছ চেনেল পাৰ হ’ল৷ হাত–ভৰি নোহোৱাকৈ পেৰাছুট লৈ আকাশৰ পৰাও জঁপিয়ালে৷ এখন বহুল সমাদৃত কিতাপ লিখিলে– ‘আই ৱাণ্ট টু লিভ’৷
অৰুণিমা আৰু ফিলিপে নিজৰ নিজৰ এভাৰেষ্ট বাছি ল’লে, তাকো হাস্পতালৰ বিছনাতে, আৰু সেই এভাৰেষ্টত, সেই লক্ষ্যত উপনীত হ’ল৷ এনেকুৱা আৰু বহু উদাহৰণ আছে৷
প্রশ্ন হ’ল মোৰ এভাৰেষ্ট কি?
কাৰণ মোৰ এভাৰেষ্ট নির্ধাৰণ কৰিব মোৰ ভৱিষ্যৎ৷ কেৱল শৈশৱ বা যৌৱনৰে ভৱিষ্যৎ নাথাকে, আদ বয়সৰো ভৱিষ্যৎ আছে৷ অতীতে আদ বয়সক ঢাকি পেলায়, অতীতে আদ বয়সক ধূসৰ কৰি পেলায়৷ আমি অতীতত আমাৰ অপ্রাপ্তিৰ কাৰণ বিচাৰোঁ, আমাৰ অপ্রাপ্তিৰ বাবে অতীতক জগৰীয়া কৰোঁ৷ আমি এইটো কৰা কাৰণে, সেহটো নকৰা কাৰণে আজি এইটো হ’ল আৰু সেইটো নহ’ল৷ আমি ভৱিষ্যতৰ কথা পাহৰি অতীতত নিজকে হেৰুৱাই পেলাওঁ৷ অতীতক বাদ দিও যে আমি এটা ভৱিষ্যৎ গঢ়িব পাৰোঁ পাহৰি যাওঁ আৰু একো চেষ্টা নকৰোঁ৷ এই চেষ্টা নকৰাটোৱেই আমাৰ আটাহতকৈ ডাঙৰ বিফলতা৷ বাঘ চিকাৰ কৰি জীয়াই থাকে৷ কিন্তু চিকাৰ ধৰাৰ ক্ষেত্রত বাঘৰ সফলতাৰ হাৰ হ’ল ২৫ শতাংশ৷ অর্থাৎ এশবাৰৰ ভিতৰত ৭৫বাৰেই চিকাৰ ধৰাত বাঘ বিফল হয়৷ কিন্তু চেষ্টাটো এৰি নিদিয়ে৷ আৰু সেয়েহে জীয়াহ থাকে৷ মাছৰ ৫০ শতাংশ কণীয়েই আন প্রাণীয়ে খাই পেলায়৷ মাছ কিন্তু হতাশ নহয়, বংশ বৃদ্ধি কৰিয়েই থাকে৷ এভাৰেষ্ট আৰোহীসকলেও চল্লিশৰ পৰা পঞ্চাশ দিন বেচ কেম্প আৰু কেম্প ১, ২, ৩ত থাকে চূড়ান্ত অনুশীলনৰ কাৰণে৷ এভাৰেষ্টৰ শিখৰত তোলা আমি দেখা ফটোখনৰ পৰম সন্তুষ্টিৰ হাঁহিটো বজ্রসম আত্মপ্রত্যয়ৰ প্রাপ্তি৷
কাইজেন এটা জাপানী দর্শনৰ নাম৷ এই দর্শনৰ উদ্দেশ্য হ’ল কার্যকুশলতা আৰু সন্তুষ্টি বৃদ্ধি কৰি অবিৰতভাৱে উৎকর্ষ সাধন কৰা৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আমেৰিকাৰ মটৰ গাড়ী উদ্যোগৰ এটা দল জাপান ভ্রমণত গৈছিল মূলতঃ টয়’টা কোম্পানীৰ সফলতাৰ মন্ত্র শিকিবৰ কাৰণে৷ তেওঁলোকে উপলব্ধি কৰিলে যে টয়’টা এক মানৱীয় দর্শনৰ ওপৰত প্রতিষ্ঠিত৷ টয়’টাই কোনো শ্রমিকক ভুলৰ বাবে শাস্তি নিদিয়ে, বৰঞ্চ সেই শ্রমিকক কাম কৰাৰ পদ্ধতি সলনি কৰি ভুলৰ শুধৰণি কৰি আগতকৈও ভালকৈ কাম কৰাৰ সুবিধা দিয়ে৷ এই নিৰন্তৰ উৎকর্ষ সাধনৰ প্রচেষ্টাহ হৈছে কাইজেন৷ এহ নীতি আমি আমাৰ ব্যক্তিগত জীৱনতো প্রয়োগ কৰিব পাৰোঁ৷ ‘কাই’ মানে পৰিৱর্তন আৰু ‘জেন’ হ’ল অলাগতিয়াল কথাবোৰ আঁতৰাই বর্তমানক সৰল কৰি তোলা৷
যিকোনো কথা আমাৰ অভ্যাসত পৰিণত হ’বলৈ হ’লে সেয়া সৰল হ’ব লাগিব, সহজ হ’ব লাগিব, নহ’লে সেয়া দৈনন্দিন ৰুটিন হৈ নাথাকিব৷ কোনো কথাই আমি ৰাতিটোৰ ভিতৰতে এশ শতাংশই সলাই পেলাব নোৱাৰোঁ৷ এখোজ–দুখোজকৈয়ে আমি আগুৱাব লাগিব৷ কিন্তু তাৰ আগতে আমি প্রত্যয়িত হ’ব লাগিব যে এভাৰেষ্ট সম্ভৱ৷
মার্থা ষ্টুৱার্ট এগৰাকী নামজ্বলা মডেল আছিল৷ কিন্তু সন্তান জন্ম দিয়াৰ পাছত পঁচিশ বছৰ বয়সতে মডেলিঙৰ কাম নোপোৱা হ’ল৷ মার্থাই ৰান্ধি ভাল পাইছিল৷ এই দক্ষতাক লৈ মার্থাই নিজা ব্যৱসায় আৰম্ভ কৰিলে আৰু আজি চাৰিশ মিলিয়ন ডলাৰ মূল্যৰ মার্থা ষ্টুৱার্ট লিভিং মাল্টি মিডিয়াৰ গৰাকী৷ আনফালে আকৌ ৱিৰা ৱাঙে চল্লিশ বছৰ বয়সত ফিগাৰ স্কেটিং বাদ দি মহিলাৰ পোছাকৰ বিখ্যাত ডিজাইনাৰ হৈ পৰিল৷ কে এফ চি (কেণ্টাকী ফ্রাহড চিকেন)ৰ উদ্ভাৱক হাৰলেণ্ড চেণ্ডাৰছে এটা সময়ত পেট্ৰ’ল পাম্পত কাম কৰিছিল৷
অর্থাৎ জীৱনৰ এছোৱা পাৰ কৰাৰ পাছতো এই সকলোবোৰ সম্ভৱ হয়৷ আচলতে এফালৰ পৰা ভালেই হয়৷ ঘূৰি চাবলৈ বহুখিনি থাকে৷ জীৱনে ইতিমধ্যে বহুখিনি শিকাইছেই৷ এতিয়া আমি মাত্র নিজৰ ভুলৰ পৰা শিকিব লাগে, যিটো আমি নকৰোঁ৷ আমি যুক্তি দিওঁ, কাৰণ বিচাৰোঁ, সমস্ত দোষ আনলৈ ঠেলি দিওঁ৷ এই আনলৈ দোষ ঠেলি দিয়াৰ প্রৱণতাৰ বাবে আমি বঞ্চিত হওঁ আত্মবিশ্লেষণৰ পৰা৷ আমি পাহৰি পেলাওঁ যে বিফলতাই সফলতাৰ বুনিয়াদ গঢ়ে৷ বিফলতাৰ নির্মোহ বিশ্লেষণেহে সফলতাৰ মন্ত্র দিয়ে, সফলতাৰ কিন্তু সমালোচনাত্মক বিশ্লেষণ নহয়৷ জ্ঞানী আৰু বুদ্ধিমানজনে আকৌ আনৰ বিফলতাৰ পৰা শিকে৷ এই অতীতৰ পৰা শিক্ষা লৈ আগুৱাই যোৱাকে ইউনিফর্ম সেৱাত কয় ‘পিচ্চে দেখ, আগে বঢ়’ অর্থাৎ পিছলৈ চাই আগুৱাই যোৱা৷ ভুল হোৱাৰ সম্ভাৱনা অনেক৷ এতিয়া কিন্তু সম্ভাৱনা থকা সকলো ভুল শুদ্ধ হ’ব লাগিব, শুদ্ধ কৰিব লাগিব৷

You might also like