নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে নিশ্চিত অজিত কুমাৰ ভূঞা

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব সাংবাদিক অজিত কুমাৰ ভূঞা । যোৱা ৪৮ ঘণ্টাত প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত চলি থকা মতবিৰোধৰ অন্ত পেলাই ভূঞাৰ প্ৰাৰ্থিত্ব প্ৰতি উভয় দলৰ সমৰ্থনক্ৰমে চূড়ান্ত হয় । উল্লেখ্য যে ২৬ মাৰ্চত হ’ব লগা অসমৰ তিনিখন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটে দুখন আসন দখল কৰাটো নিশ্চিত হৈ পৰাৰ যুঁজত নামি পৰিছে বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফ । উভয় দলে কা’ বিৰোধী নেতা এজনক উমৈহতীয়া প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত এক সিদ্ধান্ত উপনীত হৈছিল৷ সেইমর্মে কংগ্রেছে ‘কা’বিৰোধী নেতা হিচাপে ভূঞাৰ নাম প্রস্তাৱ কৰি এআইইউডিএফৰ সমর্থন বিচাৰে ৷

সেই মৰ্মে বুধবাৰে দুয়োটা দলেই নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি অজিত কুমাৰ ভূঞালৈ সমৰ্থন আৰু প্ৰাৰ্থিত্ব নিশ্চিত কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা আৰু এআইইউডিএফৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীয়ে যুটীয়াভাৱে আগবঢ়োৱা সংবাদমেলত ‘কা’বিৰোধী সংগ্ৰামখন আগুৱাই নিয়া তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাক ৰাজ্যসভা বাবে প্ৰেৰণৰ কথা উল্লেখ কৰে । দুয়োটা দলৰে উমৈহতীয়া প্ৰাৰ্থী হ’ব সাংবাদিক অজিত কুমাৰ ভূঞা ।

উল্লেখ্য যে, অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’ব লগা ৰাজ্যসভাৰ তিনিখন আসনৰ প্ৰথম দুয়োখন আসনতে প্ৰাৰ্থিত্ব আগবঢ়াব বিজেপি মিত্ৰজোঁটে । এখন আসনত বিজেপি প্ৰাৰ্থিত্ব দিয়াৰ লগতে আনখনত প্ৰাৰ্থিত্ব আগবঢ়াইছে বিপিএফ নেতা তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিত দৈমাৰীয়ে ।

You might also like