নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রত ৫৮ কোটি টকাসহ ৩২ কিলোগ্ৰাম সোণ জব্দ

বিশেষ বাৰ্তা, ১১ আগষ্টঃ মহাৰাষ্ট্রত কৰফাঁকি দি কোম্পানীয়ে অবৈধভাৱে জমা কৰি ৰখা নগদ ৫৮ কোটি টকা উদ্ধাৰ কৰিছে আয়কৰ বিভাগে৷ ৰাজ্যখনৰ জালনা জিলাত পাঁচটা কোম্পানীত আয়কৰ বিভাগে অভিযান চলাই নগদ ৫৮ কোটি টকা উদ্ধাৰ কৰাৰ লগতে ৩২ কিঃগ্রাঃ সোণসহ ৩৯০ কোটি টকাৰ সম্পত্তি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ মহাৰাষ্ট্রস্থিত তীখা আৰু ৰিয়েল ইষ্টেটৰ সৈতে জড়িত পাঁচটা কোম্পানীত ১২০খন গাড়ীৰে আয়কৰ বিভাগে অতর্কিতে অভিযান চলাই এই বৃহৎ পৰিমাণৰ নগদ ধনৰ লগতে সম্পত্তি উদ্ধাৰ কৰিছে৷ আয়কৰ বিভাগে প্রকাশ কৰা মতে এছ আৰ ষ্টীল, তালিকা ষ্টীল, ৱান কো–পাৰেটিভ বেংক, ফাইঞ্চেচাৰ বিমল ৰাজব’ৰা আৰু ডীলাৰ অদীপ বৰাৰ প্রতিষ্ঠানত অভিযান চলাই নগদ ৫৮ কোটি টকা উদ্ধাৰ কৰাৰ লগতে ৩২ কিঃগ্রাঃ সোণসহ ৩৯০ কোটি টকাৰ সম্পত্তিও উদ্ধাৰ কৰিছে৷ প্রতিষ্ঠানকেইটাৰ পৰা উদ্ধাৰ হোৱা নগদ ধনখিনি গণনা কৰিবলৈ আয়কৰ বিভাগৰ কর্মচাৰীয়ে মাতি অনা বেংক কর্মচাৰীয়ে ১২টা টকা গণা মেচিনেৰে ১৩ ঘণ্টা ধৰি টকাখিনি গণিবলগীয়াত পৰে৷ ১৩ ঘণ্টা ধৰি টকাখিনি গণনা কৰাত মুঠ নগদ ৫৮ কোটি টকা হয়৷ পুৱা ১১ বজাৰ পৰা নিশা ১ বজালৈকে টকা গণা মেচিনেৰে বেংক কর্মচাৰীয়ে টকাখিনি গণনা কৰে৷ লক্ষণীয় যে প্রতিষ্ঠানকেইটাৰ পৰা উদ্ধাৰ হোৱা টকাখিনি ট্রাংকত ভৰাই আয়কৰ বিভাগৰ কর্মচাৰীয়ে নাছিকৰ ষ্টেট বেংক অৱ ইণ্ডিয়ালৈ লৈ যায় আৰু তাতেই এই উদ্ধাৰ হোৱা টকাখিনি গণনা কৰে বুলি বিভাগে প্রকাশ কৰিছে৷ বিভাগে বিবৃতিত প্রকাশ কৰা মতে উক্ত কোম্পানীকেইটাই বছৰ ধৰি কৰফাঁকি দিয়াৰ তথ্য লাভ কৰাৰ পাছতে এই অভিযান আৰম্ভ কৰে আৰু অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ ধনসহ সম্পত্তি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মন কৰিবলগীয়া যে বিগত কেইবামাহ ধৰি ই ডিয়ে দেশৰ ভিন্ন প্রান্তত অভিযান চলাই কোটি কোটি টকা উদ্ধাৰ কৰাৰ পাছত আয়কৰ বিভাগেও শেহতীয়াভাৱে বিভিন্ন স্থানত অভিযান চলাই নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে৷

You might also like