নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী বনশিৱিৰ ধ্বংসৰ চেষ্টা সন্দেহজনক লোকৰ 

নিয়মীয়া বাৰ্তা,৩ মে’ : কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত বন বিভাগৰ নিৰ্মীয়মাণ মাজুলী বন শিৱিৰ ধ্বংসৰ চেষ্টা সন্দেহজনক সংখ্যালঘু লোকৰ ৷ কাজিৰঙাৰ বিশ্বনাথ বনসংমণ্ডলৰ অন্তৰ্গত এই স্থানত বিগত ২০১৭ চনত ১ টা বাঘ আৰু ২০১৮ চনত  ১  গড়ঁ হত্যা কৰিছিল চোৰাংচিকাৰীয়ে ৷ বন বিভাগে এই ঘটনা সম্পৰ্কত চোতপাম আৰু চিলামাৰীৰ   ৬ জন কৈ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিছিল৷ এই অঞ্চলত বন শিৱিৰ নথকাৰ সুযোগলৈ এই পথৰেই কাজিৰঙাত প্ৰৱেশ কৰি বিগত সময়ত বহু গঁড় হত্যা কৰিছিল ৷ এই স্থানত শিৱিৰ স্থাপন হ’লে চোৰাংচিকাৰীৰ কাজিৰঙাত প্ৰৱেশত বাধা হ’ব বাবেই কুখ্যাত চোৰাংচিকাৰী নুৰ মহম্মদ আৰু তেওঁৰ নিকট সম্পৰ্কীয় এটা তথাকথিত সংখ্যালঘু ছাত্ৰ সংগঠনৰ নেতাৰ উচতনিত ৫০০ শতাধিক লোক নিৰ্মীয়মান বন শিৱিৰটো ধ্বংসৰ বাবে সমবেত হৈছিল ৷ কিন্তু ঘটনাৰ খবৰ পাই আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে উক্ত স্থানৰ পৰা পলায়ণ কৰে ৷ এই ঘটনাই বিশ্বনাথত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বন বিভাগৰ কাৰ্যালয় ধ্বংসৰ পৰিকল্পনা কৰিবলৈ ইমান সাহস ক’ত পালে চোৰাংচিকাৰীয়ে ?

You might also like