নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ ‘আপোনালোকক এইটো নিশ্চিত ভাৱে ক’ব পাৰো যে অচিৰেই লক্ষীপুৰৰ কংগ্ৰেছ বিধায়ক ৰাজদ্বীপ গোৱালাই যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টীত । বিধানসভাৰ নীতি-নিয়ম চাই আজি অথবা কাইলৈও তেওঁ যোগদান কৰিব পাৰে বিজেপিত ।’ – শুকুৰাবাৰে এইদৰেই সংবাদমাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে, বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে এজন গুৰুত্বপূৰ্ণ বিধায়কৰ লগতে আন কেইবাজনেও বিজেপিলৈ আহিবৰ বাবে যো-জা অব্যাহত ৰখা বুলি উল্লেখ কৰিছিল । শুকুৰবাৰৰ দিনটোত এইটো স্পষ্ট হ’ল যে কংগ্ৰেছ বিধায়ক ৰাজদ্বীপ গোৱালাই অচিৰেই পিন্ধিব গেৰুৱা বসন ।