নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰত্ন বঁটা ল’বলৈ অস্বীকাৰ ড০ অমৰজ্যোতি চৌধুৰীৰ

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ অমৰজ্যোতি চৌধুৰীক এটা বিশিষ্ট সংগঠনে শিক্ষাৰত্ন বঁটা দিবলৈ গ্রহণ কৰা সিদ্ধান্তক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে বিশিষ্ট শিক্ষাবিদজনে৷

 এক বিবৃতিত প্রাক্তন উপাচার্যগৰাকীয়ে উল্লেখ কৰিছে যে মোক শিক্ষাৰত্ন বঁটা দিবলৈ এটা বিশিষ্ট সংগঠনে গ্রহণ কৰা সিদ্ধান্ত একাংশ বাতৰিকাকতত প্রকাশ পাইছে৷ এই সম্পর্কে অৱশ্যে মই কোনো আনুষ্ঠানিক পত্র এতিয়ালৈ পোৱা নাই৷ কিন্তু এতিয়া মোৰ প্রচ্ছন্নভাৱে অনুভৱ হৈছে যে মোৰ শিক্ষা জীৱন এতিয়াও অব্যাহত আছে৷ মই এতিয়াও নতুন ভাষা আৰু বিষয় শিকি আছোঁ৷ সেইদৰে মই ব্যক্তিগতভাৱে গৱেষণাতে লিপ্ত আছোঁ৷ মোৰ অনুভৱ হৈছে যে শিক্ষাৰত্ন বঁটাৰ দৰে সন্মানীয় বঁটা পোৱাৰ যোগ্যতা আর্জিবলৈ মোৰ আৰু বহু দূৰ যাবলৈ আছে৷ এই উপলব্ধিৰ পৰিপ্রেক্ষিতত মই এই বঁটা লোৱাটো উচিত নহ’ব বুলি বিবেচনা কৰিছোঁ৷

You might also like