নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত উপ–ৰাষ্ট্রপতি নাইডু

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ দুদিনীয়া ভ্রমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হ’লহি দেশৰ উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডু৷ আজি পুৱাৰ ভাগত গুৱাহাটীত উপস্থিত হোৱা উপ–ৰাষ্ট্রপতিগৰাকীয়ে অসম চৰকাৰে প্রৱর্তন কৰা ৰাষ্ট্রীয় পর্যায়ত লোকপ্রিয় বৰদলৈ ৰাষ্ট্রীয় সংহতি আৰু অৱদান বঁটা প্রদান কৰিব৷

ইপিনে গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনায় দেশৰ উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুক।

উল্লেখ্য যে ২০২১ বর্ষৰ বাবে এই সন্মানীয় বঁটাটো প্রদান কৰা হৈছে বিশিষ্ট লেখক, গৱেষক পণ্ডিত ড০ নিৰোদ কুমাৰ বৰুৱা, অসম শাখাৰ কস্তুৰবা গান্ধী ৰাষ্ট্রীয় স্মাৰক ট্রাষ্ট আৰু শ্বিলং চেম্বাৰ কয়াৰক৷ 

আজি বিয়লিৰ ভাগত শংকৰদেৱ কলাক্ষেত্রত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই বঁটা প্রদান কৰাৰ পূর্বে উপ–ৰাষ্ট্রপতিগৰাকী পুৱাৰ ভাগত মহাবাহু ব্রহ্মপুত্র নদী ঐতিহ্য কেন্দ্রৰ শুভ উদ্বোধন কৰিব৷

মহানগৰীৰ পাণবজাৰস্থিত শতবর্ষ গৰকা পুৰণি ডিচি বাংলোক শেহতীয়াকৈ মহাবাহু ব্রহ্মপুত্র নদীৰ ঐতিহ্য কেন্দ্র ৰূপে নির্মাণ কৰি তোলা হৈছে৷ এই কেন্দ্রটোৰ শুভ উদ্বোধনৰ পাছতেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানত শুভ উদ্বোধন কৰিব এটা পেট এম আৰ আই শাখা৷

দেশৰ ভিতৰত চতুর্থ যন্ত্র হিচাপে জি এম চি এইচত স্থাপন কৰা এই পেট এম আৰ আইটোৰ বাবদ ব্যয় কৰা হৈছে ৬২ কোটি টকা৷ আনহাতে ৰাষ্ট্রপতিগৰাকীয়ে কালি কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ কলা–সংস্কৃতিৰ ২৫গৰাকী লোকক সাক্ষাৎ কৰিব৷ আজি গুৱাহাটীত নিশা কটোৱাৰ পাছত উপ–ৰাষ্ট্রপতি নাইডুৱে সোমবাৰে পুৱাৰ ভাগত মেঘালয়লৈ যাত্রা কৰিব৷

You might also like