নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–ৰাষ্ট্রপতিৰ আগমনত মহানগৰ আৰক্ষীৰ পথ নির্দেশনা

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ অহা ৩, ৪ আৰু ৫ অক্টোবৰত ভাৰতৰ উপ–ৰাষ্ট্রপতিৰ গুৱাহাটী ভ্রমণ উপলক্ষে মহানগৰীৰ বিভিন্ন পথত যান–বাহনৰ চলাচলৰ ক্ষেত্রত কিছু নির্দেশনা–নিষেধাজ্ঞা জাৰি কৰা হৈছে৷

গুৱাহাটী মহানগৰ যান–বাহন শাখাৰ উপ–আৰক্ষী আয়ুক্তই জাৰি কৰা এই নির্দেশনা অনুসৰি ৩৭ আৰু ২৭নং ৰাষ্ট্রীয় ঘাইপথত ৩ অক্টোবৰত পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ আৰু ৪ অক্টোবৰত পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সকলো গধুৰ যান–বাহনৰ চলাচল বন্ধ থাকিব৷

৩ অক্টোবৰত পুৱা ৬ বজাৰ পৰা ডি জি ৰোড, এম জি ৰোড, এফ চি ৰোড, তৈবুল্লাহ ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত লঘু–মধ্যমীয়া–গধুৰ সকলো ধৰণৰ বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব৷

অতি জৰুৰী নহ’লে পৰাপক্ষত এই পথসমূহেৰে যাতায়াত এৰাই চলিবলৈ ৰাইজৰ প্রতি অনুৰোধ জনোৱা হৈছে৷

তদুপৰি আজি ভৰলুমুখৰ দিশৰ পৰা চানমাৰিৰ দিশলৈ গতি কৰা সকলো যান–বাহন যশৱন্ত ৰোড হৈ এইচ বি ৰোড আৰু তাৰ পাছত এন চি বি হলৰ দিশে গতি কৰি চানমাৰি দিশলৈ যাব পাৰিব৷

লগতে উজান বজাৰৰ দিশৰ পৰা মাছখোৱাৰ দিশলৈ যোৱা যান–বাহনসমূহে ডি চি ক’ৰ্ট পইণ্টৰ পৰা কমিছনাৰ পইণ্টৰ দিশে গতি কৰি এইচ বি ৰোড আৰু জে চি দাস ৰোড (ফুল গলি) হৈ এম জি ৰোডৰ দিশে গতি কৰিব পাৰিব৷

You might also like