নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমষ্টিয়ে সমষ্টিয়ে বৈঠক পাতি ‘কা’বিৰোধী অভিযান প্রফুল্ল মহন্তৰ

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ হঠাৎ ৰাজনৈতিকভাৱে তৎপৰ হৈ পৰিছে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত৷ ৰাজ্যখনৰ প্রলয়ংকৰী বানৰ সময়তে প্রাক্তন মুখ্যমন্ত্রী মহন্তই যোৱা কেইটামান দিনৰ ভিতৰত বান–খহনীয়া সমস্যাৰ বুজ লোৱাৰ ছলেৰে নামনি অসমৰ পৰা উজনি অসমব্যাপী বিভিন্ন স্থানত উপস্থিত হৈ ৰাজনৈতিক অভিযান চলায়৷ এই সময়ছোৱাত প্রাক্তন মুখ্যমন্ত্রী মহন্তই বিভিন্ন জিলাৰ দলীয় নেতা–কর্মীসকলৰ সৈতে বৈঠকত মিলিত হৈ অনাগত দিনত অতি সবলভাৱে ‘কা’ৰ বিৰুদ্ধাচৰণ কৰি যোৱাৰ লগতে অনাগত বিধানসভা নির্বাচনত দলটোক শক্তিশালী ৰূপত অৱতীর্ণ কৰোৱা সম্পর্কত আলোচনাত মিলিত হয়৷

এই মাহটোতে মহন্তই গোৱালপাৰা, অভয়াপুৰী, বঙাইগাঁও, বিলাসীপাৰা, গৌৰীপুৰ, ধুবুৰী, কোকৰাঝাৰ, গোসাঁইগাঁও, বিজনী, বোকাখাত, জামুগুৰিহাট, বালিপৰা, বিশ্বনাথ চাৰিআলি, গহপুৰ, নাৰায়ণপুৰ, লখিমপুৰ, ধেমাজি, চিলাপথাৰ, জোনাই, দুলীয়াজান, বাঘজান, নাহৰকটীয়া, টিংখাং, মৰাণ, যোৰহাট আদি ভ্রমণ কৰে৷ আজি দিনৰ ভাগত মহন্তই যোৰহাট আৱর্ত ভৱনত এখন সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলখনত মহন্তই বর্তমানৰ কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰ দুখনক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে অসমৰ উন্নয়ন সাধন হ’ব লাগিলে সেয়া আঞ্চলিক দলৰ চৰকাৰেহে কৰিব লাগিব৷ সকলো ৰাষ্ট্রীয় দলৰ চৰকাৰেই অসমক অৱহেলাৰ দৃষ্টিৰে চাই আহিছে৷ কিছু কাৰণত বা কোনো লোকৰ কাম–কাজত অগপ দল সমালোচনাৰ পাত্র হ’লেও আজিও অগপ ৰাইজৰ মাজত হিয়াৰ আমঠু দল হিচাপে পৰিচিত৷ বর্তমানৰ বিজেপি চৰকাৰৰ দিনতেই নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল বন্ধ হৈ গ’ল৷ সেইদৰে তেওঁ ‘কা’ৰ বিৰোধিতা কৰি যাব বুলি উল্লেখ কৰি কয় যে আমি ‘কা’ৰ বিৰোধিতা কৰিছোঁ আৰু কৰি যাম৷ ‘কা’ৰ জৰিয়তে অসমলৈ বাংলাদেশী মুক্তভাৱে আহিব৷ ইয়াৰ জৰিয়তে অসম চুক্তি উলংঘা হ’ব৷ তেওঁ আৰু কয় যে ক’ৰোনাৰ এই সময়ছোৱাত বিৰোধী দলসমূহে সামাজিক ব্যৱধান পালন কৰিবলগীয়া হৈছে৷ কিন্তু শাসক দলে ৰাজ্যখনৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ঘূৰিয়ে আছে৷ সংবাদ মেলখনত মহন্তই বর্তমানৰ বিজেপি চৰকাৰখনে জাতি–মাটি–ভেটি কিমান সুৰক্ষিত কৰিছে, সেয়া সকলোৱে জানে বুলি উল্লেখ কৰি অগপৰ বর্তমানৰ নেতৃত্বকো সমালোচনা কৰে৷ অগপৰ তিনি মন্ত্রীৰ কাম–কাজকো তেওঁ অতি কৌশলেৰে সমালোচনা কৰে৷

জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ কাম–কাজৰ সমালোচনা কৰি তেওঁ কয় যে ৰাজ্যৰ মথাউৰিসমূহ উন্নত কাৰিকৰী কৌশল প্রয়োগ কৰি নির্মাণ কৰিব লাগিব৷ তেতিয়াহে বান আৰু খহনীয়াৰ সমস্যাৰ পৰা ৰাজ্যখন ৰক্ষা পৰিব৷ সেইদৰে আছুৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন ৰাজনৈতিক দলটোক স্বাগতম জনাই মহন্তই কয় যে গণতান্ত্রিক দেশত সকলোৰে কিবা কোৱা আৰু কৰাৰ অধিকাৰ আছে৷ সেয়ে তেওঁ আছুৰ নেতৃত্বত জন্ম হ’বলগীয়া নতুন দলটোক স্বাগতম জনায়৷ মন কৰিবলগীয়া এয়ে যে উজনি অসম ভ্রমণকালত প্রাক্তন মুখ্যমন্ত্রী মহন্তই বাঘজানত উপস্থিত হৈ অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয়৷ সেইদৰে নাহৰকটীয়াত স্থানীয় অগপ বিধায়ক নৰেন সোণোৱালৰ সৈতেও এখন বৈঠকত মিলিত হয়৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে যোৱা পঞ্চায়ত নির্বাচনৰ প্রাক্ক্ষণত নাহৰকটীয়াৰ অগপ বিধায়ক নৰেন সোণোৱালে ‘কংগ্রেছ–গপ ভাই ভাই’ বুলি কৰা মন্তব্যই সেই সময়ত ৰাজনৈতিক খলকনিৰ সৃষ্টি কৰিছিল৷

You might also like