নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ চিন্তা–চর্চা ৰাজ্য চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা নতুন ৰাষ্ট্রীয় শিক্ষানীতিক উষ্ম আদৰণি জনাইছে অসমৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই সম্পর্কত তেওঁ কয় যে নতুন শিক্ষানীতিয়ে শিকন আৰু শিক্ষণৰ পৰিৱেশত এক নতুনত্ব আনিব৷

আনহাতে, ৰাজ্যত শিক্ষানুষ্ঠান খোলা সম্পর্কত তেওঁ কয় যে অহা ৩১ আগষ্ট পর্যন্ত ভাৰত চৰকাৰে সমগ্র দেশতে শিক্ষানুষ্ঠান বন্ধ কৰি ৰাখিছে৷ অহা ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ সম্পর্কত ৰাজ্য চৰকাৰে এছঅ’পি সাজু কৰি ৰাখিছে৷ ভাৰত চৰকাৰে ১ ছেপ্টেম্বৰত যদি শিক্ষানুষ্ঠান খোলাৰ ব্যৱস্থা কৰে অসমেও যাতে লগে লগে শিক্ষানুষ্ঠানসমূহ খুলিব পাৰে, তাৰ বাবে প্রস্তুতি সাজু কৰি ৰাখিছে৷

You might also like