নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ অক্টোবৰত গুৱাহাটীৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে উদ্বোধন কৰিব নবনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়

নিয়মীয়া বাৰ্তা,, ২৮ ছেপ্টেম্বৰ: অতি শীঘ্ৰে আহি আছে ধুবুৰীকে ধৰি সমগ্ৰ ৰাজ্যৰ এক অতিকৈ গৌৰৱৰ দিন। ৰাজ্যৰ স্বাস্থ্যখণ্ডত নৱতম সংযোজন হিচাপে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ অহা ১২ অক্টোবৰ তাৰিখে নবনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খন গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী শুভ উদ্বোধন কৰিব। উদ্বোধনৰ প্ৰাকক্ষণত অন্তিম পৰ্যায়ৰ কামকাজ আৰু উদ্বোধনী কাৰ্যসূচীৰ প্ৰস্তুতিৰ বিষয়ে বুজ ল’বলৈ আজি চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হোৱা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সাংবাদিকক এই বিশেষ সুখৱৰটো অৱগত কৰে। ল’গতে ৰাষ্ট্ৰপতিৰ সেই বিশেষ উদ্বোধনী অনুষ্ঠানটো অতি নিয়াৰিকৈ আৰু সফল ভাৱে সম্পণ্ণ হ’ব বুলিও আশা প্ৰকাশ কৰে তেওঁ।। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ১০০ আসনৰ নৱনিৰ্মিত এই ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ পাঠদান অহা ১ নৱেম্বৰৰ পৰা আৰম্ভ কৰিব পৰাকৈ প্ৰস্ত্ততি লোৱা বুলিও জনায়। উল্লেখ্য যে, মন্ত্ৰী কেশৱ মহন্তই আজি চিকিৎসা মহাবিদ্যালয়খনৰ ‘‘গৱৰ্ণিং বডি’’ৰ প্ৰথমটো বৈঠকত অংশ লৈ নবেম্বৰ মাহৰ পৰা আৰম্ভ হ’বলগীয়া এমবিবিএছ পাঠ্যক্ৰমৰ প্ৰস্তুতিৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সুবিধা- অসুবিধা সমূহৰ সম্পৰ্কে পৰ্যালোচনা কৰে। আজিৰ সেই বৈঠকখনত ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলাখনৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱ, ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এনএইচএম অসমৰ কাৰ্যবাহী সঞ্চালক, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা৹ অংকুমণি শইকীয়া, ডিএমচিএইচ ৰ অধীক্ষক, চিকিৎসা মহাবিদ্যালয়খন পৰিচালনামণ্ডলী প্ৰমুখ্যে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সকল আৰু লোকনিৰ্মাণ (গৃহ) বিভাগৰ কাৰ্যবাহী অভিযন্তা উপস্থিত আছিল।

You might also like