নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ১০গৰাকী মহিলাই আত্মনিয়োগ কৰিছে কৃষি কৰ্মত

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: আজিৰ মহিলা যে দুৰ্বল নহয় তাৰে নিদৰ্শন দাঙি ধৰিছে ঢকুৱাখনাৰ এজাক মহিলাই ৷ নিজকে পাকঘৰতে আবদ্ধ কৰি নাৰাখি পুৰুষৰ সমানে সমানে কৃষি কৰ্মত আত্মনিয়োগ কৰি ভৱিষ্যতৰ সোণালী সপোন ৰচিছে ঢকুৱাখনা মহকুমাৰ মধ্য ঢকুৱাখনা গাওঁ পঞ্চায়তৰ অন্তৰ্গত মণিকাচুক গাঁৱৰ ১০ গৰাকীকৈ উদ্যমী মহিলাই।অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ঢকুৱাখনা উন্নয়ন খণ্ডৰ অধীনস্থ মধ্য ঢকুৱাখনা গাওঁ পঞ্চায়তৰ ১০ গৰাকী মহিলাক লৈ হাম্বুমাই এণ্টাৰপ্ৰাইজ নামৰ এটা আত্মসহায়ক গোট গঠন কৰি নিজৰ আৰু ভাড়া লোৱা পাঁচ বিঘা মাটিত আৰম্ভ কৰিছে ৰবি শস্যৰ খেতি ।নিজৰ জীৱিকাৰ পথ মুকলি কৰা পৰিশ্ৰমকেই মুলধন হিচাপে লৈ হাম্বুমাই এণ্টাৰপ্ৰাইজৰ সভানেত্ৰী দেৱজানী দাস আৰু সম্পাদিকা প্ৰণীতা দাসৰ নেতৃত্বত মহিলাৰ গোটটোৱে ৰোপন কৰিছে বন্ধাকবি, জলকীয়া আদিৰ পুলি।আটাইকেইগৰাকী মহিলাই ঘৰৰ কাম সামৰি দিনৰ দিনটো এতিয়া খেতি ডৰাত বিভিন্ন পৰিচৰ্যাত ব্যস্ত হৈ পৰিছে।সকলো ঠিকে থাকিলে দুমাহৰ পিছত উৎপাদিত জলকীয়া, কবি বিক্ৰী কৰি লাভৰ মুখ দেখিবলৈ পাব বুলি আশাবাদী মহিলা সকল।ঘৰৰ চাৰি বেৰৰ মাজৰ পাকঘৰতে আবদ্ধ নাথাকি ঢকুৱাখনাৰ এইসকল মহিলাৰ কৰ্মমুখী যাত্ৰা নিশ্চয়কৈ প্ৰসংশনীয়।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like